দীপিলাৰ জগদ্ধাত্ৰী পুজাত বিধায়কৰ তিনিলাখ

দলংঘাটঃ দেওবাৰৰ পৰা অনুষ্ঠিত হয় দৰং জিলাৰ এতিহ্যমণ্ডত দীপিলাৰ জগদ্ধাত্ৰী পুজা৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰতিবছৰে সমবেত হৈ অহা পূজা অৰ্চনা আগবঢ়ায়৷ ৰাইজ দীৰ্ঘদিনিয়া সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিধায়ক উন্নয়ন পুজিৰে ৩ লাখ টকাৰে জগদ্ধাত্ৰী মন্দিৰৰ প্ৰাংগণত এখন ৰঙ্গমঞ্চৰ দেওবাৰে আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ উপস্থিত থাকে। জগদ্ধাত্ৰী উপলক্ষে প্ৰকাশ কৰি উলিওৱা মুখাপাত্র উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সভাত বিধায়কৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দীপিলাত অনুষ্ঠিত হোৱা জগদ্ধাত্ৰী পুজাত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়।