অবড়ো সুৰক্ষাত BPFৰ এজেণ্ট, গাঁও কৰ্তনৰ গোচৰ চলাবলৈ সাংসদ নৱই নিদিলে ১ লাখ টকা

গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতিয়ে অহা ৭ মে’ত আহ্বান জনোৱা অসম বন্ধক বিজনী জিলা সমিতিয়ে বিৰোধিতা কৰাত বিটিএডিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিজ সংগঠনৰ এটি জিলা সমিতিয়ে কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচীক বিৰোধীতা কৰাত অহড়ো সুৰক্ষি সমিতিয়ে শলঠৈকত পৰি স্পষ্টি কৰণ দিব লগা হয়৷ অবড়ো অধ্যুষিত গাঁও কৰ্তন, পৃথক বড়োলেণ্ড গঠনেৰে অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীৰ বিৰোধিত কৰা নকুল দাসৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্ব। 

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতি যোগে বিজনী জিলা সমিতিৰ হৈ বন্দৰ বিৰোধিতা কৰা নকুল দাস অবড়ো সুৰক্ষা সমিতিৰ বিজনী জিলাৰ কোনো কৰ্মকৰ্তা নহয় বুলি স্পষ্ট কৰে। বিজনী জিলা অবড়ো সমিতিৰ সভাপতি হিচাপে প্ৰমোদ ৰায়েহে কৰ্যভাৰ চম্ভালি আছে বুলি কয়। কেৱল নিজৰ নাম জাহিৰ কৰিবলৈ নকুল দাসে এই কাম কৰা বুলি কয় কলিতাই। 

অৱশ্যে নকুল দাসে অবড়ো সুৰক্ষা সমিতিৰ বিৰোধিতা কৰা এয়াই প্ৰথম নহয়। পূৰ্বেও তেওঁত বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰ, বিটিচি চুক্তি পুনৰীক্ষণ দাবী তথা বিটিএডিৰ অবড়ো সকলৰ হেৰাই যোৱা অধিকাৰ সমূহ পুনৰ উদ্ধাৰৰ বাবে কৰি অহা সংগ্ৰামৰ বিৰেধিতা কৰি এজন বিৰোধীৰ এজেন্টণ্ট ৰূপে কাম কৰি আহিছে বুলি কয় যোগেশ্বৰে। বিটিএডি প্ৰশাসনৰ মুৰব্বীৰ নিচিনা তেওঁ অবড়ো সুৰক্ষা সমিতিয়ে লোৱা কাৰ্যসূচীৰ বিৰোধিতা কৰাটো কাৰ শ্ৰুতলিপি সেয়া বুজিবলৈ অবড়ো ৰাইজৰ বাকী নাই বুলি কয়।

আনহাতে অবড়ো সুৰক্ষা সমিতিয়ে গাঁও কৰ্তনৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হোৱা সন্দৰ্ভত কলিতাই কয় যে কাৰোবাৰ গোচৰ সম্পৰ্কত কিবা জানিব থাকিলে অহা সপ্তাহৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আহিবৰ বাবে প্ৰত্যাহ্বান জনাই যোগেশ্বৰ কলিতাই। ইপিনে সাংসদ নৱ শৰণীয়াক আগন্তুক লোকসভা নিৰ্বাচনত সমৰ্থন  নিদিয়াৰ সন্দৰ্ভত কয় যে যিজন সাংসদে গাঁও কৰ্তনৰ গোচৰ ৰুজু কৰিবলৈ ১ লাখ টকা দিম বুলি কথা দিও আজিলৈ দুটা বছৰে একো নিদিলে, যিজনে দুটা বছৰে সাংসদ হিচাপে গাঁও কৰ্তন সম্পৰ্কত সদনত টু-শব্দ নকৰিলে তেওঁক সমৰ্থন দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি কয়। 

অবড়ো সুৰক্ষা সমিতিয়ে এগৰাকী সাংসদ হিচাপে তেওঁক বিজয়ী কৰিছিল৷ তেওঁ পৰৱৰ্তী সময়ত সংগঠনটোৰ সভাপতি-সম্পাদকক চিণ্ডিকেটৰ লগত তুলনা কৰি  নিজৰ অজ্ঞানতাৰে পৰিচয় দিছে। নিজৰ জন্মভূমিত হেৰাই যোৱা অধিকাৰ সমূহ পুনৰ উদ্ধাৰৰ বাবে চলাই থকা সংগ্ৰামত কোনো ধৰণৰ আপোচ নকৰো বুলি কয় কলিতাই৷