
জোনাইঃ ধেমাজি জিলাৰ জোনাইৰ গালী বৰবালিত শনিবাৰে পথ দুৰ্ঘটনাত এটি ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে। লাইমেকুৰীৰ নিবাসী হৰিশ সোণোৱালৰ ৯ বছৰীয়া পুত্ৰ তাকাৰ সোণোৱালে মাতৃৰ সৈতে এখন মেজিকত উঠি গালী বৰবালি স্থিত মোমায়েকৰ ঘৰলৈ গৈ আছিল৷
বৰবালি তিনিআলিত মেজিকৰ পৰা নমাৰ সময়তে ইটানগৰৰ পৰা পাছিঘাট অভিমুখে তীব্র বেগেৰে আহি থকা এআৰ-০৯-এ-৮৭২৫ নম্বৰৰ উইংগাৰে তাকাৰ সোণোৱালক মহতিয়াই নিয়ে৷ ফলত থিতাতে মৃত্যু হয় ৯ বছৰীয়া তাকৰৰ।
আনফালে দুৰ্ঘটনাটো সংঘটিত কৰি উইংগাৰ চালকজন গাড়ী সহ পলায়ন কৰিবলৈ সক্ষম হয় যদিও জোনাই আৰক্ষীয়ে উইংগাৰখন অসম-অৰুণাচল সীমান্তৰ লেকুৰ পৰা চালকবিহীন ভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনফালে দুৰ্ঘটনাটোক কেন্দ্র কৰি গালী বৰবালিত ৰাইজে গতি ৰোধত স্থাপনৰ দাবীত পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ ফলত শশ যান-বাহন আৱদ্ধ হৈ পৰে। জোনাই আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।