
গুৱাহাটী/জোনাইঃ দীৰ্ঘদীনীয়া জল্পনা-কল্পনাৰ অন্তত সোমবাৰে পুৱাই পুনৰ হাতী, এক্সেভেটৰ, প্ৰশাসনৰ শ্ৰমিক সহ বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে উচ্ছেদ অভিযান চলাবলৈ আহে মহানগৰীৰ সমীপৰ আমচাং অভয়াৰণ্যত৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনী সহ বহু হাতী-এক্সেভেটৰ লৈ পুৱাই কামৰূপ জিলা প্ৰশাসনৰ লোক আমচাং অভয়াৰণ্যত উপস্থিত হয়৷ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিতৰ সৃষ্টি হয়৷
বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত কেইবা শ পৰিয়ালৰ ঘৰ ভাঙিবলৈ প্ৰশানৰ লোক উপস্থিত হোৱাৰ পিছচে স্থানীয় নৱজ্যোতি সংঘৰ নেতৃত্বত কেইবাশতাধিক লোকে প্ৰশাসনক ভেটা দিয়ে৷ প্ৰশাসনক ভেটা দিয়াৰ পিছতে উত্তেজনাৰ সৃষ্টি হয়৷ ৰাজ্য চৰকাৰে তিনিদিন একেৰাহে বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত উচ্ছেদ অভিযান চলাব৷ খিলঞ্জীয়া মিচিং লোকে বাস কৰি থকা আমচাং অভয়াৰণ্যত উচ্ছেদ অভিযান অভিযান চলাব যোৱাৰ সময়তে জোনাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
ৰাজ্যৰ জাতি মাটি ভেটিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাডীত বহা বিজেপি চৰকাৰে খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰি উচ্ছেদ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইত৷ আমচাঙৰ খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত পুৱাই TMPK, MMK, TMMK আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠন সমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন তিনিটাই অসম বন্ধৰো আহ্বান জনায়৷ এই বন্ধৰ প্ৰভাৱ জোনাইত ব্যাপক প্ৰভাৱ পৰে৷ সকলো ধৰনৰ দোকান-বজাৰ, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় বন্ধ হোৱাৰ লগতে যান-বাহন চলাচল বন্ধ হৈ পৰে৷
অসম অৰুণাচল সীমাস্থিত ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক ৰেলৱে ষ্টেছন পৰা ৰঙিয়ালৈ যোৱা পেচেঞ্জাৰ ট্ৰেইন অৱৰোধ কৰে সংগঠনকেইটাই। TMPKৰ কেন্দ্ৰীয় সভাপতি নৰেশ কুম্বাঙে আমচাঙৰ খিলঞ্জীয়াক হাৰাশাস্তী আৰু উচ্ছেদ অভিযান বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে। ইফালে মহানগৰীৰ আমচাং অভয়াৰণ্যত প্ৰশাসনে উচ্ছেদ অভিযান কৰিবলৈ যাওতে ৰাইজে প্ৰতিবাদ কৰাত আৰক্ষীয়ে লাঠিচলনা কৰিবলৈ বাধ্য হয়৷
ইমানে নহয় কন্দুৱা গেছ প্ৰয়োগ কৰিব লগা হয় আৰক্ষীয়ে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাত তীব্ৰ গৰিহণা দিছে টিএমকে, এমএমকে আৰু টিএমএমকে সংগঠনে৷ সংগঠন কেইটাই অসমৰ বন্ধ ঘোষণা কৰে মঙলবাৰে৷ পুৱা ৯ বজাৰ পৰা প্ৰায় হাতী, কেইবাখনো এক্সেভেটৰ সহ অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোক উপস্থিত হয় মহানগৰীৰ বতাহঘুলি অঞ্চলত৷ ইয়াৰ পূৰ্বেও ২৫ আগষ্টত ৰাজ্য প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল আমচাং অভয়াৰণ্যত৷
৮০ বৰ্গ কিঃ মিঃ অভয়াৰণ্য খনৰ ৮০০ হেক্টৰ ভূমিয়ে বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত হয়৷ প্ৰশাসনৰ বৃহৎ বাহিনী প্ৰত্যক্ষ কৰি একপ্ৰকাৰ আতংকিত হৈ পৰে অভয়াৰণ্য খনত বাস কৰা লোকসকল৷ সপোণৰ ঘৰ খন মূহুৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ ছবি খন প্ৰত্যক্ষ কৰি বেদনা বিভোৰ হৈ পৰিছে বহু লোক৷ কোলাত কেচুৱা লৈ ফেকুৰি উঠিছে বহু লোক৷ প্ৰশাসনে বহু ঘৰ এফালৰ পৰা ভাঙি যোৱা পৰিলক্ষিত হৈছে৷ একাংশ লোকে চকু পানী টুকি ফেকুৰি উঠা পৰিলক্ষিত হৈছে৷