এজাক বৰষুণতে সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় যোৰহাট সদৰত

newsnextone.com | মৰিয়নীঃ এজাক বৰষুণ দিলেই বিপদত পৰে উজনিৰ অন্যতম নগৰ যোৰহাট নগৰৰ বাসিন্দা৷ যোৰহাট সদৰত একপ্ৰকাৰ সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ নেতা, সাংসদ, বিধায়কেৰে ভৰি থকা যোৰহাট জিলাৰ এনে অৱস্থাৰ বাবে সময়ে সময়ে ৰাইজে ৰাজনৈতিক দলৰ নেতাক ধিক্কাৰ দি আহিছে৷ সকলোৱে বৰ বৰ কথা কয় যদিও চবৰ খনৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা দেখা নাযায়৷ 

শনিবাৰে দিনৰ ভাগত দিয়া এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায় নগৰখন৷ ফলত ৰাইজে যাতায়াতত যমৰ-যাতনা ভোগ কৰিব লগা হয়৷ যোৰহাট নগৰৰ জেবি ৰোড, এটি ৰোড, গড় আলি, আতিলা গাঁও, কে কে সন্দিকৈ পথ, উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা পথ, মহাত্মা গান্ধী শিশু উদ্যানলৈ যোৱা পথত একাঠু পৰ্যন্ত পানী জমা হোৱাৰ ফলত ৰাইজে হাহাকাৰ কৰিব লগা হয়৷ দীৰ্ঘ দিন ধৰি ৰাইজে এই সমস্যাৰ সৈতে যুঁজ দি থকাৰ পিছতোঁ প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷