
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ধমকিত সেও মানি ৫ বছৰৰ মূৰকত পাকিস্তানে মুক্ত কৰিবলৈ বাধ্য হোৱা কানাডাৰ নাগৰিক জুশুয়া বয়েলে অৱশেষত মুখ খুলিলে। পাকিস্তান সেনাৰ সহযোগত তালিবানৰ ঘাটিৰ পৰা উদ্ধাৰ হোৱা জুশুয়া বয়েল, পত্নী আৰু দুই সন্তান সহ শুকুৰবাৰে টৰেন্ট’ত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ৫ বছৰে তালিবানে বন্দী কৰি ৰখাৰ সময়ৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰে।

কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ মাৰ্কিন পত্নী সহ বন্দীত্বৰ দুৰ্বিষহ ৫ বছৰৰ কথা কৈ শিয়ৰি উঠে। theguardianত সবিস্তাৰে প্ৰকাশ পায় এই খবৰ৷ বয়েলে কয় "মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে। মোৰ সন্তানক হত্যা কৰিছে"৷ কেৱল ইমানে নহয় তালিবানৰ ভাতৃ সংগঠন হাকানিৰ মুৰব্বীৰ কথা কৈ বয়েলে আৰু কয় "হাকানি সন্ত্ৰাসবাদীয়ে মোৰ কন্যা শিশুক হত্যা কৰিছে৷ মই আৰু মোৰ পত্নীয়ে সিহতৰ সংগঠনত যোদ নিদিয়াৰ বাবে মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে৷ সিহতৰ কেপ্টেইন আবু হাজৰ আৰু তাৰ সতীৰ্থই মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে"৷
হাক্কানি নেটৱাৰ্কৰ প্ৰধানৰ নাম হ’ল চিৰাজুদ্দিন হাকানি৷ ২০১২ চনৰ অপহৰণ কৰাৰ ২ বছৰ পিছত তথা ২০১৪ চনত বয়েলৰ পত্নী গৰ্ভৱতী আছিল৷ গৰ্ভৱতী অৱস্থাত গণ ধৰ্ষণ কৰি পেটত থকা সন্তানক হত্যা কৰে৷
হত্যা কৰা সন্তানটো কন্যা সন্তান আছিল বুলি এফালৰ পৰা বয়েলে দুৰ্বিষহ তথা ভয়াবহ দিনবোৰক ৰোমন্থন কৰে৷ তেওলোকৰ তৃতীয়টো সন্তান দুমাহ পুৰ্বে জন্ম পায় বুলি কয়৷ বয়েলৰ পৰিয়ালক পাক-আফগান সীমান্তৰ আদিবাসী এলেকাৰ পৰা পাকিস্তান সেনাই অভিযান চলাই উদ্ধাৰ কৰে ১২ অক্টোবৰত৷
ট্ৰাম্প প্ৰশাসনৰ ধমকিত তৰা নৰা ছিঙি অভিযান চলাবলৈ বাধ্য হৈছিল পাকিস্তান৷ খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বয়েলক পত্নী সন্তান সহ এৰি দিয়া বুলি প্ৰকাশ কৰাৰ লগতে এই খবৰ আমেৰিকাৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছিল৷ ট্ৰাম্পৰ ধমকিত যোৱা ৫ বছৰৰ অন্তত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত বন্দী হৈ থকা স্বামী-স্ত্ৰীক অৱশেষত মুক্ত কৰিবলৈ বাধ্য হ’য় ইছলামাবাদ৷

মাৰ্কিন মহিলা ক্যাটলান আৰু জানাডাৰ স্বামী জুশুয়াক ২০১২ চনত পাকিস্তানৰ সন্ত্ৰাসবাদী তালিবানৰ সংগী হাকানিয়ে অপহৰণ কৰি বন্দী কৰিছিল৷ পাক-আফগান সীমান্তৰ পৰা অপহৰণ কৰে পৰিয়ালটোক৷ বন্দীত্বৰ সময়তে সন্তানো জন্ম পায় তেওলোকৰ৷ বিগত সপ্তাহত পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছিল আমেৰিকাই৷ আমেৰিকাই পাকিস্তানৰ সন্ত্ৰাসবাদীক সহ্য নকৰো বুলি স্পষ্ট কৰি দিছিল৷ এই ধমকিৰ পিছতে পাকিস্তান চৰকাৰৰ তৰা নৰা ছিঙে৷