
গোৰেশ্বৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো শুকুৰবাৰে উলহ-মালহেৰে গণৰাজ্য দিৱস পালন কৰা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ব্যতিক্ৰম অনুষ্ঠানৰ মাজেৰে ৬৯ সংখ্যক গণৰাজ্য দিৱস পালন কৰা দেখা যায়৷ বিভিন্ন ঠাইৰ লগতে গোৰেশ্বৰতো গণৰাজ্য দিৱস পালন কৰা দেখা যায়৷
গোৰেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বন্দুক ধৰা আৰু কলম ধৰা লোকৰ মাজত অনুষ্ঠিত হয় এখন যুদ্ধ৷ গণৰাজ্য দিৱস উপলক্ষে শুকুৰবাৰে প্ৰীতি ফুটবল মেচ অনুষ্ঠিত হয় চিআৰপিএফ আৰু সাংবাদিকৰ মাজত৷ চিআৰপিএফৰ গোৰেশ্বৰ কেম্প বনাম গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ মাজত এখন ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয়৷ সদায় বাতৰিৰ পিছত দৌৰা সাংবাদিকসকল এদিনৰ বাবে ফুটবল খেলুৱৈই হৈ পৰে৷
আনহাতে দেহত বন্দুক ওলোমাই লৈ জনসাধৰণৰ নিৰাপত্তা ৰক্ষাত দিন পাৰ কৰা চি আৰ পি এফৰ জোৱানসকলে এদিনৰ বাবে হৈ পৰিলে ভাল খেলুৱৈ৷ চিআৰপিএফৰ জোৱান আৰু সাংবাদিকসকলে এখন সুন্দৰ খেল প্ৰদৰ্শন কৰে৷ খেলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে চি আৰ পি এফৰ অ’চি প্ৰশান্ত সিংহই। ৫৫ মিনিটৰ খেলখনত গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ খেলুৱৈসকলে চি আৰ পি বাহিনীক ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়।