ব্ৰেকিং, কেমেৰা, কলম এৰি ৰাজপথত সাংবাদিকৰ কি কাম

চাবুৱাঃ সাংবাদিকসকলো তেজ মঙহৰ মানুহ৷ সময়ে সময়ে সাংবাদিকসকলৰ বিৰুদ্ধে বিপদত পৰা মানুহক সহায় নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এই অভিযোগক মিছা বুলি প্ৰতিপন্ন কৰে ৰাজ্যৰ এগৰাকী সাংবাদিকে৷ 

ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বাতৰি সংগ্ৰহক গুৰুত্ব প্ৰদান নকৰি মানৱ ধৰ্ম পালন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ নিউজ চেনেলত ফোন কৰি ব্ৰেকিং দিব এৰি কেমেৰা-কলম থৈ সাংবাদিকগৰাকীয়ে মানৱ ধৰ্ম পালন কৰে৷     

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিক দিব্যজ্যোতি লাহনে দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা কেইবাজনো লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷ চাবুৱাৰ আসাম টকচৰ সাংবাদিক লাহনে চাবুৱা নগৰৰ ৰাজহুৱা শ্মশান ঘাটৰ সমীপত মঙলবাৰে নিশা এটি পথ দুৰ্ঘটনাৰ বাতিৰ সংগ্ৰহ কৰিব যায়৷ সেই সময়ত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ ভিতৰত কেইবাগৰাকী লোক আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে৷

গাড়ীৰ চালক আৰু আন তিনিজন লোকক উদ্ধাৰ আন কেইগৰাকীমান লোকৰ সহযোগত উদ্ধাৰ কৰে৷ ভিডিঅ’ সংগ্ৰহ কৰা আৰু চেনেলৰ কাৰ্যালয়ত ব্ৰেকিং দিয়াৰ পৰিৱৰ্তে দুৰ্গতজনক সহায় কৰে সাংবাদিকগৰাকীয়ে

জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী আহি থকা নৈশ বাছ আৰু মিনি ট্ৰাকৰ মুখামুখী সংঘৰ্ষ হয়৷ ফলত ট্ৰাকৰ চালকসহ আন তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ চাবুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।