
newsnextone.com | চামগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰিৰ সাংবাদিকসকলে বৃহস্পতিবাৰে দেশৰ ৰাষ্ট্ৰপতিক এখন পত্ৰ প্ৰেৰণ কৰে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁও জিলাৰ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰিৰ সাংবাদিকৰ আহ্বানত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ১৩ মে'ত পুৰণিগুদামস্থিত ড০ ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৃহৎ গণজাগৰণ সভাত দেশৰ ৰাষ্ট্ৰপতিক স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
সাহিত্যিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক ফণীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত গণজাগৰন সভাত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, সাহিত্যিক-সাংবাদিক মোলান লস্কৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্ত বিশিষ্ট বক্তা ৰূপে উপস্থিত থকা সভাত গৃহীত প্ৰস্তাৱ মৰ্মে সাংবাদিকৰ এটি দলে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
পুৰণিগুদামৰ সন্তান, ভাষ্কৰ্য্য শিল্পী পাৰ্থ প্ৰতীম বৰুৱাই বুকুৰ তেজেৰে কৰা স্বাক্ষৰসহ প্ৰায় পাঁচ শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত আবেদনৰ জৰিয়তে জনবিৰোধী বিধেয়কখন বাতিলকৰণৰ দাবী জনোৱাৰ লগতে খিলঞ্জীয়া অসমবাসীৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হয়৷ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখন সাংবাদিকসক নীলৰঞ্জন শৰ্মা, জয়ন্ত বৰা, পদুম কলিতা, নিপুল বৰা, নফিছা হুছেইন, দিগন্ত ভূঞা আৰু কুঞ্জ নাথে অতিৰিক্ত উপায়ুক্ত লাচিত দাসৰ হাতত প্ৰদান কৰে৷