
নলবাৰীঃ নলবাৰী জিলাৰ নৱ নিযুক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক বুধবাৰে জিলা খনৰ সাংবাদিকৰ এটি দলে সাক্ষাৎ কৰে৷ বিভিন্ন বিষয় সন্দৰ্ভত উপায়ুক্তগৰাকীৰ সৈতে আলোচনা কৰে সাংবাদিকসকলে৷ জিলা খনৰ সাংবাদিক সংগঠনে উপায়ুক্তগৰাকীক আদৰণি জনায়৷
নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰধান সম্পাদক ৰমেন কলিতা, যুটীয়া সম্পাদক সুভাষ ডেকা, বসন্ত দাস, নলবাৰী জিলা প্ৰেছ ক্লাৱৰ সভাপতি কমলেশ শৰ্মা, সম্পাদক ব্ৰজেন তালুকদাৰ, নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মা, সম্পাদক মজিবুৰ ৰহমান, আপকুৰ জিলা সভাপতি আব্দুল মজিদ, সম্পাদক চম্পক বৈশ্যই উপায়ুক্তগৰাকীক সম্বৰ্ধনা যাচে।