ভেলেন্টাইন ডে’ক ফেৰ মাৰি জয়মতীক সুঁৱৰি পতি-পত্নী দিৱস পালন কৰিবনে?

গুৱাহাটীঃ ৰাজনীতিৰ খবৰ আৰু সাম্প্ৰদায়িক কথা-বতৰাই মানুহক অতিষ্ঠ কৰি তুলিছে৷ তাৰ লগে লগে মানুহ যন্ত্ৰৰ দৰে ব্যস্ত হৈ পৰাত পৃথিৱী খনৰ মাদকতা পাহৰি পেলাইছে মানুহে৷ প্ৰকৃতি নিৰ্জন ঠাইৰ কথা পাহৰি মানুহে এতিয়া কোলাহলকে আপোন কৰি লব লগা হৈছে৷ কিন্তু মানুহে বিশেষ দিনটোক পাহৰি নেপেলায়৷

যেনে বিবাহৰ বাৰ্ষপূৰ্তিৰ দিনটো, জন্মদিন, ভেলেন্টাইন ডে’ আদিৰ দৰে দিনবোৰক মানুহে পাহৰি নাযায়৷ এনে দিনবোৰত আপোন মানুহৰ সৈতে পৰিয়ালটোৰ সৈতে আনন্দৰে সময় অতিবাহিত কৰে মানুহে৷ শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকাসকলে পালন কৰিবলৈ সাজু হৈছে ভেলন্টাইন ডে’৷ প্ৰেমিক-প্ৰেমিকাসকলৰ দৰেই স্বামী-স্ত্ৰীসকলেও পতি-পত্নী দিৱস বা Couples Day পালন কৰাৰ বাবে মন মেলিছিল৷

ভেলেন্টাইন ডে’ৰ দিনটোতো স্বামী-স্ত্ৰীসকলে পতি-পত্নী দিৱস বা Couples Day পালন কৰাৰ বাবে থিৰাং কৰিছিল৷ ২০১৭ বৰ্ষত ৰাজ্যখনৰ ছ'চিয়েল মিডিয়াত সক্ৰিয় লোকসকলে এই দিৱসৰ ব্যাপক প্ৰচাৰ চলাইছিল৷ বিশেষকৈ ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীসকলে ব্যাপক প্ৰচাৰ চলাই সকলোকে এই উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে৷ একপ্ৰকাৰ ভেলেন্টাইন ডে’ৰ বিৰোধিতা কৰি ভেলেন্টাইন ডে’ৰ বিপৰীতে পতি-পত্নী দিৱস নতুবা Couples Day পালন কৰাৰ বাবে চিন্তা চৰ্চা কৰিছিল৷   

২০১৭ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত ফেচবুক ব্যৱহাৰকাৰীসকলে এই দিনটোৰ সৈতে সতী জয়মতীৰ স্বামী ভক্তিৰ অপূৰ্ব নিদৰ্শনৰ প্ৰসংগ উল্লেখ কৰিছিল৷ আহোমৰ তুংখুঙীয়া গোটৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী আছিল জয়মতী৷ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎৰ্সগা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যদা লাভ কৰা মহীয়সি নাৰী সতী জয়মতী৷

সতী জয়মতীয়ে ৰাজশক্তি উদ্ধাৰ বাবে তথা লালুক খোলাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, স্বেচ্ছাচাৰী লালুকখোলাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বামী গদাপাণিক পলাই যাবলৈ পৰম শক্তি দিছিল৷ জয়মতীৰ কথামতে স্বামী গদাপাণিয়ে অন্য ঠাইত আশ্ৰয় লৈ থকাৰ সময়ত অত্যাচাৰী লালুকখোলাই গদাপাণিক বিচাৰি নাপায় জয়মতীক বন্দী কৰি ৰাজদৰবাৰলৈ লৈ আহে৷

গদাপাণিক উদ্ধাৰ বাবে ৰাজদৰবাৰত জয়মতীক নানা ধৰণে অত্যাচাৰ কৰে যদিও জয়মতীয়ে স্বামীৰ বিষয়ে এটা শব্দও কোৱা নাছিল৷ ৰজা লালুক খোলাই নানা ধৰণৰ শাস্তি দি গদাপাণিৰ ঠিকনা উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাই যদিও দৃঢ়মনা জয়মতীয়ে স্বামীৰ বিষয়ে ক'বলৈ অমান্তি হয়৷ জয়মতীক জেৰেঙা পথাৰত নি গছত বান্ধি শাস্তি দিয়াৰ পিছতো স্বামী ক’ত লুকাই আছিল সেই বিষয়ে এটা শব্দও প্ৰকাশ নকৰি স্বামী ভক্তিৰে সকলোকে আচৰিত কৰি তোলে। 

নিজৰ পত্নীৰ অত্যাচাৰৰ খবৰ লাভ কৰি নগা পাহাৰৰ পৰা ছদ্মবেশ ধৰি গদাপাণিয়ে জেৰেঙা পথাৰলৈ আহে। ছদ্মবেশী স্বামীক জয়মতীয়ে চিনি পোৱাৰ পাছতো ইংগিতেৰে পলাই থাকিবলৈ অনুৰোধ জনায়৷ এনেদৰে জেৰেঙা পথাৰত গছত বান্ধি ৰখা অৱস্থাত নানা শাস্তি পাই ১৪ দিনৰ মূৰত ১৬৭৯ চনত জয়মতীয়ে মৃত্যুবৰণ কৰে।

জয়মতীৰ এই মহান ত্যাগৰ সহায়তে ল'ৰা ৰজা আৰু লালুকখোলাৰ স্বেচ্ছাচাৰিতাৰ পৰা অসমবাসীক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিল গদাপাণিয়ে। এই মহান ত্যাগক সুঁৱৰি সমগ্ৰ অসমতে প্ৰতিবছৰে ২৭ মাৰ্চৰ দিনটোক জয়মতী দিৱস হিচাপে পালন কৰি আহিছে।

জয়মতী দিৱসৰ সৈতে সংযোজিত হৈছে আন এক বিশেষ দিৱস। ফেচবুকত সক্ৰিয় একাংশ লোকৰ প্ৰচেষ্টাতে আহোম যুগৰ এই স্বামী-স্ত্ৰীৰ প্ৰেম তথা দেশ ভক্তিৰ কাহিনী বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সমগ্ৰ অসমবাসীকে বিশেষ উদ্যোগ হাতত ল'বলৈ অনুৰোধ জনায়।

২৭ মাৰ্চৰ দিনটো জয়মতী দিৱসৰ লগতে ২৭ মাৰ্চৰ দিনটোক পতি-পত্নী দিৱস হিচাপে পালন কৰাৰো মত পোষণ কৰে৷ ২০১৭ চনৰ ২৬ মাৰ্চত মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত ভিন্ন প্ৰান্তৰ দম্পতী মিলিত হৈ ২৭ মাৰ্চৰ দিনটো প্ৰতি বছৰে পতি-পত্নীৰ দিৱস হিচাপে পালন কৰিবলৈ সংকল্পবদ্ধ হয়।

"যদি ভেলেন্টাইন দিৱস বিশ্বত প্ৰতিষ্ঠা হ'ব পাৰে তেন্তে জয়মতী আৰু গদাপাণিক সুৱৰি পতি-পত্নী দিৱস বা Couples Day বিশ্ববাসীয়ে আদৰি নোলোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে।"- এইদৰে কৈছিল দিৱস পতি-পত্নী দিৱস আয়োজন কৰা কেইবাটাও দম্পতীয়ে। মাথো এটা বছৰে ব্যাপক প্ৰচাৰ চলাই পতি-পত্নী দিৱস পালন কৰা লোকসকলে পাহৰি গ’ল জয়মতীক সেয়া সময়েহে ক’ব৷