
জয়সাগৰঃ শিৱসাগৰ জিলাৰ নাজিৰাত এখন ভগ্নপ্ৰায় বাঁহৰ দলং সহ ৮ গৰাকী লোকক নৈৰ পানীয়ে উটুৱাই নিয়াত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও আটাইকেইজন লোক নৈৰ মাজৰ পৰা পাৰলৈ উঠি আহিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, নাজিৰাৰ সমীপত হাঁহচৰা-মেচাগৰত সংঘটিত হৈছে এই ঘটনা৷
হাঁহচৰা-মেচাগৰ পথত দিখৌ নৈৰ ওপৰত থকা বাঁহৰ দলং খন সোমবাৰে নিশা প্ৰায় ৭ বাজি দহ মিনিটত উটুৱাই নিয়াৰ উপক্ৰম হয়৷ উক্ত সময়ত দলং খন পাৰ হ’বৰ বাবে ৰৈ থকা ৮ গৰাকী যুৱকে নাৱেৰে দলং খন ৰক্ষা কৰিব যোৱাৰ সময়তে তেওঁলোকক উটুৱাই নিয়ে৷ লোককেইজেন হাঁহচৰাৰ পৰা আহি আছিল আৰু নৈ পাৰ হৈ মেচাগৰলৈ যাব বিচাৰিছিল বুলি জানিব পৰা গৈছে৷
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে নাৱেৰে লোক কেইজনক উদ্ধাৰৰ চেষ্টা চলাই পাৰলৈ আনিবলৈ সক্ষম হয়৷ আটাইকেইজন হাঁহচৰা সিংহ দোৱাৰ গাঁৱৰ বুলি সন্দেহ কৰা হৈছে৷ বছৰ বছৰ ধৰি ৰাইজে নিজে নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰখা দলং খন ৮ গৰাকী লোক সহ উটুৱাই নিয়া কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷