ছিপাঝাৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

ছিপাঝাৰঃ ছিপাঝাৰৰ ঐক্যতানৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত আজি সন্ধিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিবেশন কৰে।

এই সাংস্কৃতিক অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকৰ বাবে সমাগম হয়। ছিপাঝাৰৰ এই ঐক্যতানৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত প্ৰয়াত জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি পালন কৰে।

জুবিন গাৰ্গে মঞ্চত উঠিয়ে ৰং চেনেলৰ জনপ্ৰিয় অভিনেতা খাপলাংকাই ওৰফে ৰাহুল দাসৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে সকলো দৰ্শকে থিয় হৈ সমবেদনা জ্ঞাপন কৰে। লগতে প্ৰয়াত জয়ন্ত হাজৰিকা দেৱৰ গীতেৰে মঞ্চত প্ৰথম গীত পৰিবেশন কৰি শিল্পী গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে।