
গোৱালপাৰাঃ ৰাজ্য চৰকাৰে এটাৰ পিছত এটা গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক জেলত আৱদ্ধ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্য চৰকাৰে জেলত বন্দী কৰি ৰখা অখিলক জেলত বন্দী হৈ থকাৰ মাজতে একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল চৰকাৰে৷
২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছিল৷ ২২ ডিচেম্বৰত ডিব্ৰুগড় আদালতে অখিলক জামিন দিয়ে৷ ৰাজ্য চৰকাৰ তাৰ পিছতো বহি নাথাকিল৷ পুনৰ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি গোৱালপাৰালৈ লৈ আহে৷ দেওবাৰে গোৱালাপাৰ আদালতত কৃষক নেতাগৰাকীক আৰক্ষীয়ে হাজিৰ কৰে৷
আৰক্ষীয়ে নিজৰ জিম্মাত অখিলক নিবিচাৰিলেও আদালতে অখিলক ২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে গোৱালপাৰা আদালতে অসম আৰক্ষীক কটাক্ষ কৰি আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া পালন নকৰাৰ কথা কৈ ভৎসনা কৰে৷ আদালতে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আইনৰ কিতাপ পঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়৷ তাৰ লগে লগে গোৱাৰপাৰা আদালতে ২৬ ডিচেম্বৰত জামিনৰ বাবে শুনানী অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰে৷
আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলক যিকোনো প্ৰকাৰে জেলত বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে৷ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোৱালপাৰাৰ আদালতৰ বাহিৰত অসম চৰকাৰ তথা অসমৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়৷ কলা চিয়াহিৰে দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ এটি গোচৰত অখিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷ ২৩ ডিচেম্বৰৰ নিশাৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা গোৱালপাৰা আৰক্ষীয়ে ২৩ ডিচেম্বৰৰ পুৱাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰি গোৱালপাৰালৈ লৈ আহে৷ মৰাণ আৰক্ষী থানাৰ ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰত শুকুৰবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত জামিন লাভ কৰিছিল অখিল গগৈয়ে৷
২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছে যদিও আশংকা কৰা অনুযায়ী অসম আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অখিলক৷ ২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে ২২ ডিচেম্বৰত অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছিল পুনৰ আটক কৰাৰ আশংকা সত্য প্ৰমাণিত হ’ল৷
মুকলি আকাশৰ তললৈ ওলাই নাহিবৰ বাবে পুৰণি গোচৰত আটক কৰে চৰকাৰ তথা আৰক্ষীয়ে৷ ডিব্ৰুগড় আদালতে জামিন দিয়াৰ পিছতে ১১২/২০১৭ নম্বৰৰ গোৱালপাৰাৰ দুধনৈ থানাৰ গোচৰত অখিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ডিব্ৰুগড়ৰ চিজিএম কোৰ্টত দুধনৈৰ গোচৰ খাৰিজ কৰাৰ পিছতো আৰক্ষী যেন নাচোৰ বান্দা হৈ অখিলক গ্ৰেপ্তাৰ কৰিবলৈ৷ চৰকাৰে যিকোনো প্ৰকাৰে অখিলে মুকলি হোৱাটো বিছৰা নাই বুলি অভিযোগ উত্থাপন হয়৷ NSAৰ অধীনত আটক কৰি ন্যায়ালয়ত মুখ থেকেছা খোৱাৰ পিছতো অসম চৰকাৰে কৃষক নেতা অখিল গগৈৰ কোনো প্ৰকাৰে জড়িত নথকা দুধনৈ থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল।