
চৰাইদেউঃ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰুইছিল ভূই৷ মুখ্যমন্ত্ৰীয়ে ৰুই থৈ অহা ধান ৰাইজৰ সৈতে লগলাগি কাঠিলে বিধায়ক যোগেনে মহন৷ চৰাইদেউ জিলাৰ মাহমৰা কোঁৱৰ গাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূই ৰোৱাৰ পিছত সোণোৱালী শস্য চপোৱাত এতিয়া ব্যস্ত মাহমৰাবাসী।
চৰকাৰী খৰছেৰে চৰাকক কৃষি বিভাগৰ নেতৃত্বত কৰা ধান খেতিৰ ধান কাৰ্য মঙলবাৰে শুভৰাম্ভ কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনকে ধৰি কৃষি বিষয়া আৰু বিজেপি দলৰ কৰ্মকৰ্তা সকল।
পোন প্ৰথমে অসমীয়া ৰীতি অনুসৰি তামোল পানেৰে গাঁৱৰ সকলো লোকে সেৱা জনাই অতিথিসকলক। আনুষ্ঠানিকভাৱে কৃষি বিষয়াই গাঁৱৰ ৰাইজক উন্নত মানদণ্ডৰ শস্যৰ বীজ বিতৰণ কৰে। তাৰ পিছত গাঁৱৰ দাৱণী সকলে ধান কাটিবলৈ আৰম্ভ কৰে।