বনৰীয়া গাহৰিৰ আক্ৰমণত আহত লোক

ডিজিটেল ডেস্ক |কাজিৰঙাঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দাতি কাষৰিয়া গড়পালত হৰিচন্দ্ৰ কটোৱাল নামৰ এজন লোকক বনৰীয়া গাহৰিৰ আক্ৰমণ কৰাৰ খবৰে অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰে। পুৱাই পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হৈ পৰে লোকজন৷ সংকতজনক অৱস্থাত লোকজনক বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷