মুখ্যমন্ত্ৰীৰ গৃহ জিলাত অনশনত বহিল লেখিকা জুৰি বৰা বৰগোহাঁঞি

newsnextone.com | ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বিশিষ্টা লেখিকা জুৰি বৰা বৰগোঁহাঞি৷ বিধেয়কখন বাতিলৰ দাবীত লেখিকাগৰাকীয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একক প্ৰতিবাদ সাব্যস্ত কৰে৷ 

লেখিকাগৰাকীয়ে দুঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক ধিক্কাৰ দি এই আইন গৃহিত নকৰিবলৈ দাবী জনায়৷ ইয়াৰ পাছতে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰকাৰক৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাই লেখিকাগৰাকীয়ে৷