নগাঁও জিলাৰ ২৬ গৰাকী সাংবাদিকক স্বীকৃতি পত্ৰ প্ৰদান

newsnextone ৮অক্টোবৰ নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২৬ গৰাকী সাংবাদিকক অসম চৰকাৰৰ জনসংযোগ বিভাগে প্ৰদান কৰা সাংবাদিকৰ স্বীকৃতি পত্ৰ আজি আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়।এই উপলক্ষে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত নগাঁও জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই সাংবাদিক সকলক আনুষ্ঠানিক ভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰে।স্বীকৃতি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত উন্নয়ন আয়ুক্ত গৰাকীয়ে  অসম চৰকাৰে ৰাজ্যখনৰ সাংবাদিক সকলৰ কল্যাণৰ বাবে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে আলোকপাত কৰি সাংবাদিক সকলক এই সুবিধা গ্ৰহন কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা জনসংযোগ বিষয়া সমৰ কলিতাই জিলা জনসংযোগ বিভাগে সাংবাদিক সকলৰ স্বীকৃতি পত্ৰ পাবৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি  ৰাজ্যিক জনসংযোগ বিভাগে নগাঁও জিলাৰ ২৬ গৰাকী সাংবাদিকক স্বীকৃতি পত্ৰ প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কলিতাই সাংবাদিক সকলে চিকিৎসা সেৱাকে ধৰি বিভিন্ন সা সুবিধা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে।সভাত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা ,নগাঁও এক্ৰিদিয়েচন কমিটিৰ সদস্য জিতেন বৰকটকী আদিয়ে অংশগ্ৰহণ কৰি সাংবাদিক সকলৰ সমস্যাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত স্বীকৃতি পত্ৰ লাভ কৰা সাংবাদিক সকলৰ হৈ পলাশ ৰঞ্জন দাস আৰু প্ৰাঞ্জল বৰদলৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।

অনুষ্ঠানত জেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰাইয়ো অংশগ্ৰহণ কৰে। সাংবাদিক সকলক স্বীকৃতি প্ৰদান কৰাৰ বাবে নগাঁও জিলা আপকুয়ে জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে। স্বীকৃতি পত্ৰ লাভ কৰা সাংবাদিক সকলক জিলা প্ৰশাসন আৰু জিলা জনসংযোগ বিভাগে ফুলাম গামোচাৰে আদৰণি জনায়।

জয়ন্ত মুদৈ,নগাঁও