
নলবাৰীঃ বুধবাৰে নিশা নলবাৰী হৰিমন্দিৰৰ ৮৪ তম ৰাস মহোৎসৱত পূজা-অৰ্চনা দিলে বিশিষ্ট লেখিকা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড০ জয়শ্ৰী গোস্বামী মহন্তই। তেওঁ পিছত সাংবাদিকেৰে মতবিনিময়ত কয় যে ‘শ্ৰীকৃষ্ণৰ ৰাস লীলাই সমাজত ভাতৃত্ববোধৰ স্বকীয়তা বজাই ৰাখিছে।সেয়ে আজিও আহে বহু দূৰৈৰ মানুহ নলবাৰীৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ৷’।
ড০ মহন্তই লগতে কয় -তেওঁ সকলোৰে মংগলৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে। বিশিষ্ট লেখিকা গৰাকীক নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মন, হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা সহ উদযাপন সমিতিয়ে আদৰণি জনাই। ড০ মহন্তক সংগ দিয়ে শিল্পী তথা অগপ নেতা দিলিপ কুমাৰ দাসে।