
ডিব্ৰুগড়ঃ বুধবাৰে অসমীয়া ভাষা সাহিত্য, নাটক, বোলছবিৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি যাচে৷ ৰাজ্যখনৰ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাক সশ্ৰদ্ধ প্ৰণিপাত জনায়৷
আনহাতে জ্যোতিবন্দনাৰে মুখৰিত হয় তেজপুৰ চহৰ। জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰোৱাস্থিত সমাধিত পুৱাৰে পৰা শিল্পী গৰাকীৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ৰাজ্যবাসীয়ে কাণ্ডাৰিগৰাকীক স্মৰণ কৰাৰ সময়তে এখন প্ৰতিচ্ছবিয়ে এটি জাতীয় সংগঠনৰ প্ৰতিশ্ৰতিক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ডিব্ৰুগড় জিলাৰ বৰপথাৰত 'জ্যোতি উদ্যান' নামেৰে আছে কাণ্ডাৰিগৰাকীৰ নামত এখন উদ্যান৷ মন্ত্ৰী, বিধায়ক, জাতীয় দল-সংগঠনৰ নেতাই ডিঙিত গামোছা লৈ ভাষা, সাহিত্য ৰক্ষা, পূৰ্বপুৰুষৰ স্মৃতি ৰক্ষাৰ নামত বৰ বৰ ভাষণ ৰাখে যদিও অৱহেলিত হৈ থাকিল 'জ্যোতি উদ্যান'৷
সদৌ অসম ছাত্ৰ সন্থাই 'জ্যোতি উদ্যান' ন-ৰূপত সজাই-পৰাই তোলাৰ বাবে প্ৰতিশ্ৰুতি দিয়াই নহয় হাতে কামে লাগিছিল যদিওঁ সময়ৰ সোঁতত সকলো অতীত গৈ গ’ল৷ সকলো এতিয়া ভেল্কীবাজি বুলি কব খোজে ৰাইজে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত নিৰ্মাণ কৰা 'জ্যোতি উদ্যান'খন এবছৰেই সম্পূৰ্ণ হৈ উঠা দেখা নগ’ল। সদৌ অসম ছাত্ৰ সন্থাই ডিব্ৰুগড় বৰপথাৰ হাইস্কুল খেলপথাৰত যোৱা বৰ্ষত অনুষ্ঠিত কৰা কেন্দ্ৰীয় শিল্পী দিৱসত বৰপথাৰ হাইস্কুল খেলপথাৰত ৰূপকোঁৱৰৰ স্মৃতিত 'জ্যোতি উদ্যান' নিৰ্মাণৰ কথা ঘোষণা কৰিছিল।
অৱশ্যে শিল্পী দিৱসৰ পূৰ্বেই অৰ্থাত ১৬ জানুৱাৰীত আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে 'জ্যোতি উদ্যান'খন উদ্বোধন কৰিছিল। ইয়াৰ পিছদিনাৰ পৰাই অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে জ্যোতিপ্ৰসাদৰ বিভিন্ন গ্ৰন্থ, নাটক, কবিতা, গীত আদিত অধ্যয়ণ কৰি পোৱা ২৭ বিধ বিভিন্ন প্ৰজাতিৰ ফুল সংগ্ৰহ কৰি বৰপথাৰৰ 'জ্যোতি উদ্যান'ত সজাই তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আছুৱে।
'জ্যোতি উদ্যান' নিৰ্মাণৰ সমান্তৰালভাৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিও স্থাপনৰ কথা ঘোষণা কৰিছিল ছাত্ৰ সংগঠনটোৱে। কিন্তু ইয়াৰ এটাও প্ৰতিশ্ৰুতি কাৰ্যকৰী ৰূপ লাভ নকৰিলে বৰপথাৰ হাইস্কুল খেলপথাৰত নিৰ্মাণ কৰি তোলা 'জ্যোতি উদ্যান'ত।ইপিনে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে উদ্বোধন কৰি থৈ যোৱা 'জ্যোতি উদ্যান'ত গৰু-ছাগলীৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হৈছে। উদ্যান খনত ঘাহ-বনৰ বাদে নাই এজোপাও গছ নতুবা ফুল।
জেউৰা খুটি দি অতি সাধাৰণভাৱে মাত্ৰ নামতহে নির্মাণ কৰি তোলা হৈছে 'জ্যোতি উদ্যান'। ৰূপকোঁৱৰৰ স্মৃতিত 'জ্যোতি উদ্যান' নিৰ্মাণ কৰি আছুৱে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনপিনে আছুৱে কেৱল 'শিল্পী দিৱস'ৰ নামতে জৰাজীৰ্ণ বৰপথাৰ পথটো মাত্ৰ দুশ মিটাৰ পকীকৰণৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক বাধ্য কৰালে যদিও বাকী জৰাজীৰ্ণ পথছোৱা পকীকৰণৰ বাবে আজি পৰ্যন্ত কোনোধৰণৰ চৰকাৰৰ প্ৰতি দাবী জনোৱা পৰিলক্ষিত নহ'ল।
আছুৰ উদ্যোগত বৰপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শিল্পী দিৱসত ইয়াৰ স্থানীয় ৰাইজে দেহে-কেহে সহযোগিতা আগবঢ়াইছিল যদিও কিন্তু স্থানীয় ৰাইজৰ স্বাৰ্থত জৰাজীৰ্ণ পথছোৱা পকীকৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো হেঁচা প্ৰয়োগ নকৰি মৌনতা গ্ৰহণ কৰাক লৈ আছুৰ নেতৃবৰ্গৰ প্ৰতি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ইয়াৰ স্থানীয় ৰাইজে।