ডিব্ৰু-ছৈখোৱাৰ আত্মকথা, সমাদৰ লাভ কৰিছে সাংবাদিক জ্যোতিষ পাতিৰৰ গ্ৰন্থই

ডিব্ৰুগড়ঃ গণতন্ত্ৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰিব ৰাখিবলৈ কাম কৰি অহা উজনি অসমৰ যুৱ সাংবাদিক তথা সমাজসেৱক জ্যোতিষ কুমাৰ পাতিৰৰ এখন গ্ৰন্থ সোমবাৰে প্ৰকাশ পায়৷ ঘাত-প্ৰতিঘাটৰ মাজেৰে সাধাৰণ জীৱন-নিৰ্বাহ কৰি অহা জ্যোতিষ কুমাৰ পাতিৰে যোৱা দুটা বছৰে অশেষ কষ্টৰে দিন-ৰাতি একাকাৰ কৰি গ্ৰন্থ খন প্ৰকাশ কৰি উলিয়াইছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দধীয়া কুলিগাঁৱৰ নন্দপাল পাতিৰ অাৰু প্ৰভাৱতী পাতিৰৰ পুত্ৰ, যুৱ সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত গ্ৰন্থ খন উন্মোচন কৰে৷

'ডিব্ৰু-ছৈখোৱাৰ বুকুত দধীয়া-লাইকাৰ ৰোদন আৰু বিপন্ন অৰণ্য' নাম গ্ৰন্থ খন বিশিষ্ট লেখক, সাহিত্যিক ড০ শশীকান্ত শইকীয়াই উন্মোচন কৰে৷ অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, সম্পাদক মানসজ্যোতি দত্ত, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ৰমেশ শইকীয়া, আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া ড০ পবিত্ৰ কুমাৰ পেগু, বিশিষ্ট লেখক বৌউনাথান গগৈ, অধিবক্তা তথা সদৌ অসম মুছলিম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মুক্তাৰ আহমেদ চৌধুৰী, ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ইন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক দিলীপ সিং, অধ্যাপক তথা লেখক ড০ লোহিত শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্য-মান্য লোক উপস্থিত থাকে।

উল্লেখ ২০১০ চনৰ পৰা সাংবাদিকতাৰ সৈতে জড়িত হৈ থকাৰ লগতে পাতিৰ 'অামাৰ অসম' কাকতৰ ডিব্ৰুগড়ৰ সংবাদদাতা৷ সাংবাদিকতাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো সত্রুিয়ভাৱে জড়িত৷ ডিব্ৰুগড় জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্যকৰি সভাপতি, ডিব্ৰুগড় জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক, ডিব্ৰুগড় জিলা গ্ৰাম্য সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক, টাকাম মিচিং পৰিণ কৌবাং দধীয়া অাঞ্চলিক সমিতিৰ অালোচনী সম্পাদক, মিচিং পিপুলচ জাষ্টিচ ফ'ৰামৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিষ্ঠাপক সদস্যকে ধৰি জোনাই প্ৰেছ ক্লাবৰো সদস্য অাছিল তেও৷

একেদৰে দধীয়া-লাইকাৰ ভূমি অান্দোলনৰ লগতো সত্রুিয়ভাৱে জড়িত হৈ অাছিল৷ সম্প্ৰতি পাতিৰ সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক, অসমীয়া সাহিত্য সন্মিলনীৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি অাৰু বিভন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ অাছে৷ পূৰ্বে পাতিৰে সাপ্তাহিক সোৱণশিৰি, দৈনিক গণ অধিকাৰ, তিনিদিনীয়া পুৱাৰ বাতৰি, সাপ্তাহিক পৰিবৰ্তন, সাদিন, দৈনিক শংকৰজ্যোতি, দৈনিক বাতৰি কাকত, দৈনিক জনমভূমি, জনতাৰ কন্ঠ, অামি অসমৰ জনগণ, অসমীয়া গণকন্ঠ, সাপ্তাহিক প্ৰাগজ্যোতিষপুৰ, তানিঃঅাগম অচাৰ, এদিনৰ সংবাদ, সাপ্তাহিক লোহিত অাদি কাকতত সংবাদ-সেৱা কৰিছিল৷

তদুপৰি পষেকীয়া বাতৰি কাকত 'অসম প্ৰহৰী'ৰ কাৰ্যবাহী সম্পাদক, মাহেকীয়া অালোচনী 'বৃষ্টি'ৰ সম্পাদক, 'অাজিৰ সময়'ৰ মুখ্য সম্পাদক, টি এম পি কেৰ মুখপত্র 'অত্চুৰ'ৰ যুটীয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ বৰ্তমান সাংবাদিকগৰাকী ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'পষেকীয়া সোৱণশিৰি' কাকতখনৰ সহযোগী সম্পাদক হিচাপেও কাৰ্যনিবাহ কৰি অাছে৷ সাংবাদিকগৰাকীৰ প্ৰৱন্ধ অসমৰ বিভিন্ন কাকত-অালোচনীত প্ৰকাশ পাই অাহিছে৷ 'ডিব্ৰু-ছৈখোৱাৰ বুকুত দধীয়া-লাইকাৰ ৰোদন অাৰু বিপন্ন অৰণ্য' শীৰ্ষক গ্ৰন্থখনে যঠেষ্ট সমাদৰ লাভ কৰিছে৷ গ্ৰন্থ খনত ডিব্ৰু-ছৈখোৱাৰ সমাজ জীৱন, সমস্যা আদুৰ লগতে ইতিহাস, তথ্য সংৰক্ষণৰ চেষ্টা কৰে পাতিৰে৷