উজলি উঠিব কাৰ্বি পাহাৰৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত আৰ্হি প্ৰকল্প উপস্থাপন

খেৰণিঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত আমাৰ ৰাজ্য খনৰ ছাত্ৰ-ছাত্ৰীয়ে পিছ পৰি ৰোৱা নাই৷ শনিবাৰে ইয়াকে প্ৰমাণ কৰে কাৰ্বি ভূমিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ পাহাৰীয়া জিলাৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ খেৰণিত শনিবাৰে অনুষ্ঠিত হয় ছাত্র-ছাত্ৰীৰ মাজত বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপন প্ৰতিযোগিতা৷ পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত খেৰণি অঞ্চলৰ চৈধ্যখন মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি সুপ্ত প্ৰতিভাৰ পৰিচয় দিয়ে৷

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু প্ৰতিভাই একপ্ৰকাৰ চমক সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ প্ৰকল্প উপস্থাপন কৰি তেওলোকৰ মাজত লুকাই থকা প্ৰতিভাক ভালদৰে মেৰামতি কৰিলে উপয়ুক্ত প্ৰশিক্ষণ লাভ কৰিলে উজলি উঠিব ছাত্ৰ-ছাত্ৰীসকল এয়া খাতাং৷ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে "বিজ্ঞানৰ অগ্ৰগতি আৰু ইয়াৰ প্ৰভাৱ", "বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম ব্যৱস্থাপনা" বিষয়বস্তু সন্দৰ্ভত প্ৰকল্প দাখিল কৰি প্ৰতিযোগিতাত স্থান দখল কৰে৷

প্ৰতিোগিতাত বিভিন্ন প্ৰণালী আৰু পৰীক্ষামুলক পদ্ধতিৰে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ বহু প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে আকস্মিক বক্তৃতাৰ লগতে বনধ্বংস আৰু ইয়াৰ আনুসংগিক প্ৰভাৱ, বায়ু প্ৰদূষণ আৰু ইয়াৰপৰা স্বাস্থ্যৰ বাবে সৃষ্টি হোৱা গভীৰ ভাবুকি, শক্তি সংৰক্ষণৰ প্রয়োজনীয়তা আদি বিষয়ত চিত্ৰাংকন কৰে৷ বিচাৰক হিচাপে নৱ ভৰালী, চুনীল বুঢ়াগোহাঁই, মঙ্গল ইংতি, চন্দ্ৰ চেত্ৰী, ৰহিত যাদৱ, চাৰ-ইম ইংলেং, সঞ্জয় কিলিং আৰু বিশ্ব চেত্ৰীয়ে উপস্থিত থাকে৷

ৰংখাং খণ্ডৰ সমন্বয়ক বীৰেন ডেকাই প্ৰতিযোগিতাৰ সন্দৰ্ভত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান দখল কৰা ছাত্ৰ ছাত্ৰীয়ে আগন্তুক জিলা পৰ্যায়ৰ বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব নতুবা নিৰ্বাচিত হ’ব বুলি কয়। দিনজোৰা কাৰ্যসূচীৰে খেৰণি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই বিজ্ঞানৰ জনপ্ৰিয়তা-প্ৰয়োজনীয়তা, অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰা আদি বিভিন্ন দিশৰ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰে খেৰণিবাসীক। খেৰণিস্থিত খেৰণি বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞানভিত্তিক প্ৰতিযোগিতাখনৰ তদাৰকতা আৰু অনুষ্ঠানটোৰ বিষদ বিৱৰণ দাঙি ধৰে পশ্চিম কাৰ্বি আংলং ৰংখাং খণ্ডৰ সমন্বয়ক বীৰেন ডেকাই।