
চিচি বৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰাইজমানী কাবাডী প্ৰতিযোগিতা স্থগিত ৰখা বুলি এক বিবৃতি যোগে সংগঠনটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
ধেমাজি ক্ৰীড়া সন্থাৰ সহযোগত অহা ২৮-২৯ জানুৱাৰীত ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বাৰ্ষিক কাবাডী প্ৰতিযোগিতাত বিশেষ কাৰণত স্থগিত ৰাখে বুলি কয় সংগঠনটোৱে৷ অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদক ভূপেন দিহিঙীয়া আৰু দেৱজিত চুতীয়াই জানিবলৈ দিয়ে।