জোনাইৰ কবু চাপৰি, জিতেন দত্তৰ ফেচবুক পোষ্টৰ পিছতে গা লৰিল অসম আৰক্ষীৰ

জোনাইঃ এনআৰচিৰ খছৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আৰক্ষীয়েও সস্তম হৈ পৰিছে৷ তাৰ মাজতে অসম আৰক্ষীয়ে ধেমাজিৰ কবু চাপৰিত অবৈধ নাগৰিক বিছাৰি বিশেষ ভাবে অভিযান চলাই৷ আলফা নেতা জিতেন দত্তই কিছু দিন পূৰ্বে ফেচবুকত এটি পোষ্ট দিয়াৰ পিছতে ধেমাজি আৰক্ষী সবল ভূমিকা পালন কৰা দেখা গৈছে৷ আলফা নেতা জিতেন দত্তই ফেচবুকত কেই খন মান ফটো আপলোড কৰি এনেদৰে কয় "ধেমাজি জিলা প্ৰসাশনে কবু চাপৰিত কোনো বাংলাদেশী বা অবৈধ দখলদাৰি নাই বুলি কৈছিল।

মই জানিব বিচাৰিছো যে এই ঘৰবোৰ খিলঞ্জীয়া মানুহৰ নে? ফৰেষ্ট মাটিত বহিবলৈ এই সকল বহিৰাগতই কেনেকৈ সুবিধা পালে। এই সকলক উচ্ছদ কৰিবলৈ চৰকাৰে সাহস কৰিবনে? নহলে আমি আকৌ যুৱ শক্তিক লৈ আগবাঢ়িবলৈ বাধ্য হম"৷ তাৰ পিছতে যোৱা দেওবাৰৰ পৰা ধেমাজি জিলাৰ জোনাই মহকুমাৰ কবু চাপৰিত আৰক্ষী তথা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত প্ৰশাসনে অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই৷ সন্দেহ জনক নাগৰিক বিছাৰি দেওবাৰে আৰক্ষীৰ বৃহৎ দল উপস্থিতি হৈ পৰ্যবেক্ষণ কৰে এলেকাটো৷

পুৱা ১১ বজাত উত্তৰ মণ্ডলৰ ডি আই জি লাচিত বৰুৱা, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক, জোনাইৰ মহকুমা আৰক্ষী বিষয়া, জোনাই মহকুমাৰ মহকুমাধিপতি, জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষী এটা বৃহৎ দলে সন্দেহ জনক নাগৰিকৰ সন্ধানত নামি পৰে কবু চাপৰিত। ডি আই জি লাচিত বৰুৱাই সন্দেহ জনক নাগৰিকৰ সন্ধানত সভা অনুষ্ঠিত কৰাৰ লগতে সোধ-পোছ কৰে কেইবাজনো লোকক। ডি আই জি লাচিত বৰুৱাই সন্দেহজনক নাগৰিকৰ সন্ধান পোৱা নাই বুলি জানিবলৈ দিয়ে।

কিন্তু সাংবাদিকৰ কেমেৰাত আবদ্ধ হোৱা কেইটামান দৃশ্য আৰু আলফা নেতাই চেয়াৰ কৰা ফটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। কবু চাপৰিত ইটোৰ পিছত সিটো অবৈধ ঘৰ নিৰ্মাণ কৰা পিছতো আৰক্ষীয়ে সন্দেহ জনক নাগৰিক নাই বুলি কয়৷ সৰু সৰু জুপুৰিৰে চৰ এলেকা ভৰি পৰা বাসগৃহবোৰে কাৰ বুলি প্ৰশ্ন কৰে ৰাইজে৷ কবু চাপৰিত যোৱা কেইবাদিনো ধৰি আৰক্ষীয়ে অভিযান চলাই আছে যদিও বিছাৰি পোৱা নাই এজনো সন্দেহজনক নাগৰিকক। কিন্তু আলফা নেতা জিতেন দত্তই  জোনাইৰ কবু চাপৰিত সন্দেহ জনক নাগৰিকৰ থকা বুলি চছিয়েল মিডিয়াত দাবী কৰি আহিছে যদিও আজি পৰ্যন্ত ধেমাজি আৰু জোনাই আৰক্ষীৰ লগতে জিলা প্ৰশাসনে এজনো সন্দেহজনক লোকক চিনাক্ত কৰিব পৰা নাই৷