সন্ত্ৰাসবাদীৰ কব্জাত কাবুলৰ বিলাসী হোটেল, নিহত ৫, পনবন্দী বিদেশী পৰ্যটক

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ অভিজাত হোটেল ইন্টাৰ কন্টিনেন্টেলত শনিবাৰে নিশাৰে পৰা নিৰ্বিচাৰ গুলীচালনা কৰাৰ লগতে বহু লোকক পনবন্দী কৰি ৰখাৰ ঘটনা সংঘটিত হয়৷ ৪ গৰাকী বন্দুকধাৰীয়ে হাতে হাতে অত্যাধুনীক অস্ত্ৰ লৈ হঠাতে হোটেলত প্ৰৱেশ কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰাত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷

বহু নিৰীহ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে৷ হোটল খনত উগ্ৰপন্থীয়ে অগ্নিসংযোগ কৰাৰো সন্দেহ কৰা হৈছে৷ শনিবাৰে নিশা আফগানিস্তানৰ ৰাজধানী কাবুলৰ বিলাসী হোটেল খনত হঠাতেই ৪গৰাকী অস্ত্ৰধাৰীয়ে প্ৰৱেশ কৰে৷ অস্ত্ৰধাৰীয়ে প্ৰৱেশ কৰিয়েই নিৰ্বিচাৰ গুলীচালনা কৰে৷ তাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে হোটেল খন ঘেৰি লৈ অভিযান চলোৱাত দুগৰাকী অস্ত্ৰধাৰীৰ মৃত্যু হয়৷

আফগানিস্তানিৰ সুৰক্ষা বাহিনীৰ এনডিএছ বাহিনীয়ে অচিনাক্ত অস্ত্ৰধাৰীক কাবু কৰিবলৈ সক্ষম নোহোৱাত হোটেল খনত থকা বিদেশী অতিথিক লক্ষ্য কৰি গুলীচালনা অব্যাহত ৰাখিছে অস্ত্ৰধাৰীয়ে৷ হোটেল খনত বহু লোকক এতিয়াওঁ পনবন্দী কৰি ৰাখিছে অস্ত্ৰধাৰীয়ে৷

ইতিমধ্যে অস্ত্ৰধাৰীৰ গুলীত ৫গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ আক্ৰমণৰ দায়িত্ব এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে স্বীকাৰ কৰা নাই৷ ইতিমধ্যে কাবুল প্ৰশাসনে চহৰ খনত আক্ৰমণ কৰা হ’ব বুলি সতৰ্ক কৰি দিছিল নিৰাপত্তাৰক্ষীক৷ হোটেল খনত বিদেশী পৰ্যটক আৰু চৰকাৰৰ বিদেশৰ আলহী থকাৰ কথা জানিব পৰা গৈছে৷ হোটেল খনত নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো কেনেদৰে আক্ৰমণকাৰী সোমাল তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ ২০১১ চনতো সন্ত্ৰসবাদীয়ে আক্ৰমণ কৰিছিল এই হোটেল খনত৷