ব্যৰ্থ চৰকাৰ, ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিব, তেতিয়াহে কৃষকে পানী পাব পথাৰত

newsnextone.com | কাকপথাৰঃ দেশৰ-ৰাজ্যৰ চৰকাৰে যেতিয়া বিজ্ঞান-প্ৰযুক্তিৰ সুবিধা ৰাইজক প্ৰদানত ব্যৰ্থ হয় তেতিয়াই জনসাধাৰণ ওলাই আহে বিভিন্ন পৰম্পৰা পালন কৰিবলৈ। দীৰ্ঘদিন ধৰি  প্ৰকৃতিয়ে বৰষুণ টুপিৰ পৰা বঞ্চিত কৰাত পথাৰ শুকাই চিৰাল ফাট মেলিছে। এতিয়া কৃষকে বহু আশাৰে কৰা ধান খেতিডৰা পানীৰ অভাৱত ৰঙচুৱা হৈ নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে।

সেয়ে পৰম্পৰা বিশ্বাসী তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰালী গাঁৱৰ ৰাইজে ভেকুলী বিয়া অনুষ্ঠিত কৰে। ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা অনুসৰি কাকপথাৰৰ বৰালী গাঁৱৰ ৰাইজে খুব ধুমধামেৰে ভেকুলী বিয়া অনুষ্ঠিত কৰে বৰষুণৰ আশাৰে।

পৰিতাপৰ বিষয় এই যে জলসিঞ্চন আঁচনিৰ নামত খৰচ কৰি অহাৰ পিছতো কিন্তু খেতিয়ক ৰাইজে নিজৰ কৃষিভূমিৰ বাবে এটুপি পানী পাবলৈ সক্ষম হোৱা নাই। জলসিঞ্চন নহৈ ধনসিঞ্চনৰ মাধ্যম হৈ পৰা জলসিঞ্চনৰ আশা বাদ দি এতিয়া ৰাইজে পৰম্পৰা অনুসৰি ভেকুলী বিয়াকে আয়োজন কৰিছে।

কিজানিবা এটুপি পানী খেতিডৰাৰ বাবে বৰুণ দেৱতাই কৃপা কৰি দিয়েই। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তোঁ বতৰ খৰাং হয় আৰু পথাৰত চিৰাল ফাঁট মেলে। শালি খেতি কৰাৰ সময়ছোৱাত পানীৰ অভাৱত ভীষণ সমস্যাত পৰিছে কাকপথাৰৰ বৰালী গাঁৱৰ ৰাইজ ৷ গাঁৱৰ প্ৰায় ৯৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷

কিন্তু এইবেলি এতিয়ালে ভুঁই ৰুব পৰা নাই কৃষকে। কিয়নো বৰষুণ নিদিয়াত খেতিৰ বাবে প্ৰয়োজনীয় পানী নোপোৱাত উপায়ন্তৰ হৈ গাঁওবাসীয়ে ভেকুলী বিয়াৰ পাতি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট ভেকুলী বিয়া পাতিলে হেনো বৰষুণ দিয়ে। 

শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে কৃষকসকলে ভেকুলী বিয়াৰ আয়োজন কৰে। ভেকুলী বিয়া এক লোকবিশ্বাস। ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে এয়া সাধাৰণ কৃষিজীৱী লোকৰ লোকবিশ্বাস। বিয়া পতাৰ আনন্দত ভেকুলীয়ে টোৰটোৰালে খৰাং বতৰতোঁ বৰষুণ হয় বুলি জনবিশ্বাস মতেই বিয়া পাতি ককাপথাৰ বাসীয়ে বৰষুণ কামনা কৰে। 

 উল্লেখ্য যে ৰাজ্যত জলসিঞ্চন নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যোগত এইদৰে অন্ধবিশ্বাসৰ কবলত পৰি ভেকুলি বিয়া পতাৰ কাৰ্যই ৰাজ্য বিভাগৰ ফোপোলা স্বৰূপতো উদঙাই দিছে ৷ কৃষি খণ্ডৰ উন্নয়ন হোৱা বুলি ভাৰত চৰাকৰে দম্ভালি মৰাৰ সময়তে লজ্জাজনক ভাৱে পথাৰৰ পানীৰ বাবে ভেকুলী বিয়াৰ আয়োজন কৰিব লগা হৈছে।