শ-শ লোকে হাতে হাতে জোঁৰ লৈ বাংলাদেশী গ'বেক ধ্বনিৰে কঁপালে কাকপথাৰ

newsnextone.com | কাকপথাৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চুবুৰীয়া দেশত আতিশয্যাৰ বলি হোৱা লোকক দেশলৈ আনিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি আহিছে অসমৰ ৰাইজে৷ তিনিচুকীয়া জিলাতো তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷

বৃহস্পতিবাৰে সন্ধিয়া জিলা খনৰ কাকপথাৰত বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত কেইবাশতাধিক লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ইতিহাস ৰচনা কৰি বিশাল জোঁৰ সমদল উলিয়াই কঁপাই তোলে কাকপথাৰৰ আকাশ বতাহ৷

কেইবাশতাধিক পুৰুষ-মহিলাই চৰকাৰ বিৰোধী শ্ল’গান দি ক্ষোভ ব্যক্ত কৰে৷ জোঁৰ সমদলত প্ৰেছ ক্লাব, অাছু, যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, অাটাছু, চুতীয়া ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভা, মৰাণ জাতীয় মহিলা পৰিষদ, অাটছা, নিবনুৱা পৰিষদ, অসম গণ পৰিষদ, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম যুৱ পৰিষদ অাদিকে ধৰি অৰ্ধশতাধিক দল-সংগঠনে অংশগ্ৰহণ কৰে।

হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ অাৰু জৈন ধৰ্মৰ লোকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু এয়া মাত্ৰ অজুহাতহে, অাচল উদ্দেশ্য হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা বুলি কৈ ক্ষোভ প্ৰকাশ কৰে কাকপথাৰত উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই।

কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা কাকপথাৰ ফৰেষ্ট গেটলৈ উলিওৱা জোঁৰ সমদলত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বাংলাদেশী গ'বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ অাদি শ্ল’গানেৰে কাকপথাৰ চৌপাশ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰীয়ে কাকপথাৰ থানা চাৰিঅালিত পথসভা অনুষ্ঠিত কৰি জাতীয়-জনগোষ্ঠীয় সংগঠন স্বাক্ষৰিত একোখনকৈ স্মাৰক পত্ৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰজৰিয়তে যুটীয়া সংসদীয় সমিতি, ভাৰতৰ প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাললৈ প্ৰেৰণ কৰে।