
কাকপথাৰঃ কাকপথাৰ চেলেংগুৰিত চি আৰ পি এফৰ এখন মালবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে৷ তিনিচুকীয়াৰপৰা অৰুণাচল প্ৰদেশৰ কেম্পলৈ চি আৰ পি এফৰ সামগ্ৰী লৈ যোৱা গাড়ীখনৰ ষ্টিয়েৰিং ফেইল হোৱাত ঘটনাতে এই দুৰ্ঘটনাটো সংঘটিত হয়৷
দুৰ্ঘটনাটোত ড্ৰাইভাৰসহ মুঠ তিনিজন জোৱান কম-বেছি পৰিমাণে আহত হয়৷ আহতসকলক লগে লগে চিকিৎসাৰ বাবে নিৰ্কটৱৰ্তী চি আৰ পি এফৰ কেম্পলৈ প্ৰেৰণ কৰে৷ ঘটনাটো হোৱাৰ পাছতেই চি আৰ পি এফৰ আন এখন গাড়ীৰে সামগ্ৰীসমূহ কেম্পলৈ লৈ যায়৷