কালামৰ গৰু বিক্ৰী কৰা টকাৰে প্ৰদীপৰ সমষ্টিত দলং নিৰ্মাণ, লাজ নালাগে বিধায়কৰ

আমগুৰিঃ বিধায়ক ছাৰৰ লাজ নালাগে৷ লাজনো কত পাব৷ ছাৰে নিৰ্বাচন যোৱাৰ পৰা আমাৰ ফালে বেছিকৈ অহাই নাই৷ যাৰ বাবে হাতৰ ধন ভাঙি ৰাইজে দলং নিৰ্মাণ কৰিছে৷ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱকে ঘৰৰ গৰু বিক্ৰী কৰি দলং নিৰ্মাণত সহায় কৰিছে৷ এই মন্তব্য আমাৰ নহয়৷ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় অঞ্চলৰ ৰাইজৰ৷ চিন্তামণিগড় অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰাৰ পিছতে এনেদৰে ক্ষোভ ব্যক্ত কৰে৷

চিন্তামণিগড় অঞ্চলৰ ৰাইজে মিতং নৈৰ ভদিয়াঘাটত থকা দলংখন বাঁহেৰে নিৰ্মাণ কৰে গাঁঠিৰ ধন ভাঙি। প্ৰতিটো বাৰিষাৰ বাঢ়নি পানীয়ে দলঙখন উটুৱাই নিয়াৰ পাছত দলঙখন মেৰামতিৰ চৰকাৰ, প্ৰশাসন নতুবা বিধায়কে আগবাঢ়ি নাহে যদিও ৰাইজে নিজে নিৰ্মাণ কৰি লয়। পুৰ্বৰ দৰেই এইবেলিও দলং খন ৰাইজে নিৰ্মণ কৰে৷ দলং নিৰ্মাণ কৰিবলৈ দৰিদ্ৰ শ্ৰমিক এগৰাকীয়ে পোহনীয়া গাই বিক্ৰী কৰি ৩৫০০ টকা ৰাইজক প্ৰদান কৰে৷ মৰমৰ গাই বিক্ৰী কৰি সেই ধন ব্যৱহাৰ কৰে দলং নিৰ্মাণত।

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণে এতিয়া গাঁঠিৰ ধন খৰচ কৰি কৰিবলগীয়া হৈছে চৰকাৰৰ কাম। আব্দুল কালাম নামৰ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় অঞ্চলৰ দৰিদ্ৰ লোকজনে বহল অন্তৰৰ পৰিচয় দিলে যদিও স্থানীয় বিধায়কৰ অন্তৰ খন হে গলা নাই আজিলৈ৷ স্বাধীনতাৰ ৭০ বছৰৰ পাছতো সমষ্টিৰ জনপ্ৰতিনিধিয়ে নিৰ্মাণ কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ কৰিলে ৰাইজে৷ বিধায়কৰ দলং নিৰ্মাণৰ বাবে পূঁজিয়েই নাই বুলি উত্তৰ দিয়া বুলি ৰাইজে অবিযোগ উত্থাপন কৰি অৱশেষত আগবাঢ়ি আহিল এজন যুৱক।

যিগৰাকী যুৱকে নিজৰ গৰু বিক্ৰী কৰি পোৱা ধন আৰু ৰাইজৰ পৰা সংগ্ৰহ কৰা ধনেৰে গাঁৱৰ যুৱকসকলে মিতং নৈৰ ভদিয়াঘাটত বাঁহৰ থকা দলংখন নিৰ্মাণ কৰে। অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ ১০৩নং আমগুৰি সমষ্টিৰ উন্নয়নৰ জীয়া ছবি এই খনে৷ য'তে ত'তে আধাৰশিলা স্থাপন কৰি ফুৰা বিধায়কগৰাকীয়ে বৰ্তমানলৈকে আমগুৰি সমষ্টিৰ পথ-দলং একোৰেই উন্নতি সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হয়৷ দলংখন দেখিলেই অনুমান কৰিব পাৰিব আধুনিক যুগতো যোগাযোগ ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ কথা।

জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবেই এতিয়া দিন হাজিৰা কৰা যুৱকে দলং নিৰ্মাণৰ বাবে বিক্ৰী কৰিবলগা হ'ল মৰমৰ গাই। পূৰ্বতেও অঞ্চলটোৰ বাবে গুৰুত্বপূৰ্ণ এই দলঙখনৰ ওপৰত চকু নপৰিল কোনো এজন জনপ্ৰতিনিধি অথবা চৰকাৰৰ। বিধায়কেই হওক নাইবা শিৱসাগৰ জিলা প্ৰশাসনেই হওক সকলোকে অঞ্চলটোৰ ৰাইজে কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগী নতুবা দৈনিক যাতায়ত কৰা লোকসকলৰ অসুবিধাৰ সন্দৰ্ভত অৱগত কৰি অৱশেষত ভাগৰি পৰিল।

আমগুৰি বিধান সভা সমষ্টিৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভদীয়া ঘাটৰ এই দলংখনেৰেই শিমলুগুৰি মৌজা আৰু জকাইচুক মৌজাৰ লগতে দিখৌমুখ অঞ্চলৰ এক বৃহৎসংখ্যক লোকে দৈনিক অহা যোৱা কৰে। পথটোৰ দুৰৱস্থাই অঞ্চলবাসীক বাৰুকৈয়ে জ্বলা কলা খুৱাই আহিছে।

অতি বিপদজনকভাৱে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়ী-চাকৰিয়াল আদিয়ে নাৱেৰে ইপাৰ সিপাৰ হোৱাৰ দৃশ্যই প্ৰমাণ কৰে কিমান উন্নতি হৈছে অসমৰ। হকে বিহকে উদ্ভট মন্তব্য কৰি বিৰ্তকৰ সৃষ্টি কৰা জনপ্ৰতিনিধিসকলৰ বাবে আব্দুল কালাম নামৰ দুখীয়া যুৱকজন এক উদাহৰণ মাত্ৰ। পৰিবৰ্তনৰ এনে প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বাবে এয়া লজ্জ্বাজনক কথা? পৰিবৰ্তনৰ আশাৰে নিৰ্বাচিত কৰি দিয়া এখন গণতান্ত্ৰিক চৰকাৰ থকাৰ পাছতো দৰিদ্ৰ লোকে নিজৰ গাই বিক্ৰী কৰি দলং নিৰ্মাণ কৰিবলগা হৈছে এইখন অসমত৷