
কলিয়াবৰঃ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিক বৰফুকনক শুকুৰবাৰে নগাঁও জিলাৰ কলিয়াবৰত ৰাইজে স্মৰণ কৰে৷ লাচিত দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগত সদৌ অসম মৰিয়া যুৱ-ছাত্ৰ সন্থাৰ কলিয়াবৰ জিলা সমিতিয়ে বিশেষ কাৰ্সূচী অনুষ্ঠিত কৰে৷
বীৰ লাচিত বৰফুকন, বাঘ হাজৰিকাৰ ওৰফে ইছমাইল ছিদ্দিকিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে সংগঠনটোৱে। তাৰ পিছতে সংগঠনটোৰ উদ্যোগত তথা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগত ৰক্ত দান শিবিৰ অনুষ্ঠিত হয়৷ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট নাগৰিক অমৃত বল্লভ গোস্বামীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনি মাধৱ মহন্তই।
মনি মাধৱ মহন্তই সংগঠনটোৱে মহৎ কাম কৰা বুলি কৈ শলাগ লয়৷ ৰক্ত দান জীৱন দান এই মহৎ কামত ছাত্ৰনেতাগৰাকীয়ে অংশীদাৰ হোৱাল সুবিধা লাভ কৰাত সুখী অনুভৱ কৰা বুলি কয় মহন্তই৷ কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক অমূল্য বৰাৰ লগতে বহু লোকে ৰক্ত দান কৰে।