কলিয়াবৰৰ আমগুৰিত ভয়াবহ পথ দুৰ্ঘটনা, নিহত ৪, আহত, ১৪

কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰত পুনৰ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ গ’ল ৪গৰাকী লোকৰ৷ মাথো ৭ দিন পূৰ্বে বিদ্যালয়লৈ আহি থকা ভাতৃ-ভগ্নীৰ এখন তীব্ৰ বেগী বাইকৰ খুন্দাত মৃত্যু হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ কলিয়াবৰ আমগুৰিত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ চাৰিগৰাকী লোকে মৃত্যুক আকোৱালি লয়৷ পথ দুৰ্ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কলিয়াবৰত৷

জানিব পৰা মতে, AS-02-AC-2739 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু NL-04-D-5204 নম্বৰৰ এখন তীব্ৰবেগী ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ মাজত কলিয়াবৰৰ আমগুৰিত মুখামুখি সংঘৰ্ষ লাগে৷ নোম'ন নামৰ ট্ৰেভেলাৰ খন নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ থকাৰ সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি ৰোধকত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক খনৰ সৈতে মুখামুখি সংঘৰ্ষত হয়৷

ফলত ৪ জন লোক নিহত হোৱাৰ লগতে ১৪ জন লোক আহত হয়। জখলাবন্ধাৰ বৰদলং চোৰাত খাঁ, কলিয়াবৰৰ মিছাৰ অসীম কুমাৰ দে, যোৰহাটৰ ড০ প্ৰকাশ বৰুৱা আৰু ট্ৰেভালাৰ খনৰ চালক দিলিপ দাসৰ মৃত্যু হয়৷ প্ৰাঞ্জল বৰা, সাগৰ হাজৰিকা, জয়ছোৱান চৌহান, সিমান্ত হাজৰিকাৰ লগতে প্ৰায় ১৪ জন লোক গুৰুতৰ ভাবে আহত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কলিয়াবৰত হুৱাদুৱা লাগে৷ স্থানীয় ৰাইজে ঘৰৰ পৰা ওলাই আহি আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁও আৰু তেজপুৰলৈ পেৰণ কৰে৷