কলিয়াবৰত গণ ৰাজ্য দিৱস পালন

কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰতো প্ৰশাসনৰ উদ্যোগত উলাহ-মালহেৰে উদযাপন কৰা ৬৯তম গণৰাজ্য দিৱস৷ কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী ময়দানত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে৷

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড অনুষ্ঠিত হয়৷ আৰক্ষী বাহিনী, সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷

কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলত মহকুমা একাদশে প্ৰথমে বেটিং কৰি ১১৬ ৰাণ সীমা নিৰ্ধাৰণ কৰি দিয়ে যদিও কলিয়াবৰ প্ৰেছ ক্লাব একাদশে গোতেই অভাৰ খেলি ৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।