কলিয়াবৰত মম জ্বলাই নিলোৎপল-অভিজিৎ হত্যাৰ প্ৰতিবাদ

newsnextone.com | কলিয়াবৰঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে নগাঁও জিলাৰ কলিয়াবৰৰ ৰাইজ, দল-সংগঠনে। ডকমকাৰ হত্যাকাণ্ডক অতি নিন্দনীয় আৰু সমাজৰ বাবে চৰম লজ্জাজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনসমূহে৷ 

কলিয়াবৰৰ ৰাইজে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত জখলবান্ধা, কোঁৱৰীটোলৰ লগতে বিভিন্ন স্থানত বন্তি জ্বলাই দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে। দুষ্কৃতিকাৰীৰ হাতত নিহত যুৱকদ্বয়ৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি ছচিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰক ভোল নাযাবলৈ আহ্বান জনায়৷

কুঁৱৰীটোলৰ ব্যৱসায়ীসকলেও তেওঁলোকৰ দোকানৰ সন্মুখত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি যাঁচে।