
তুলসীবাৰীঃ অসমৰ বয়ন শিল্প সমগ্ৰ বিশ্বৰ ভিতৰতে উল্লেখনীয়৷ গ্ৰাম্য মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ প্ৰচুৰ সম্ভাৱনা থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বয়ন শিল্পৰ উন্নয়নৰ বাবে কলিতা সাহিত্য সভাই ২০১৮ বৰ্ষটোক 'বয়ন শিল্প বৰ্ষ' হিচাপে ঘোষণা কৰে৷
কলিতা সাহিত্য সভাৰ সভাপতি গোপীৰাম ৰাজখোৱাই আমাৰ যিমানবিলাক কুটীৰ শিল্প আছে তাৰ মাজত বয়ন শিল্প অন্যতম৷
অসমৰ এটা বৃহৎ আৰু প্ৰধান জনগোষ্ঠী কলিতাসকল এই বয়ন শিল্পৰ সৈতে জড়িত৷ এই বয়ন শিল্প সম্বন্ধীয় সামগ্ৰী, তাতঁশাল নিৰ্মান, কেচা সামগ্ৰী বিভিন্ন সূতা উৎপাদন উৎপাদনত পাৰ্গত৷ শিপিনীসকলৰ অৰ্থনৈতিক অৱস্থা অতি দুঃখজনক বুলি কৈ শিল্পী বিধৰ উন্নয়নৰ বাবে শিল্পবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিব বুলি কয়৷