
বেতবাৰীঃ ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ডঃ দিপাংকৰ কলিতাই। শ্বহীদ তৰ্পন কৰে কলিতা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অংকুৰজ্যোতি কলিতাই। বন্তি প্ৰজ্বলন কৰে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুবুল ভূঞাই।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "অসমৰ সাম্প্ৰতিক পৰিস্থিতিত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ পথ" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট অধিবক্তা তথা ৱাকৰ্ফ বৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামান, কলিতা সাহিত্য সভাৰ উপদেষ্টা বিজু সেনাপতি, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়া, বীৰ লাচিত সেনাৰ সাধাৰণ সম্পাদক ৰন্তুু পানীফুকন, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনীক সম্পাদক অৰুপ বৰুৱা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ আৰু শিৱসাগৰ কলেজৰ অধ্যক্ষ প্ৰফুল্ল কলিতাই। সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ডঃ দিপাংকৰ কলিতাই সভাপতিত্ব কৰা মুকলি সভা উদ্ধোধন কৰে শিৱসাগৰ কলেজৰ অধ্যক্ষ প্ৰফুল্ল কলিতাই।
বৰ্তমান অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠী যে অস্তিত্বৰ সংকটত পৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে পৃথকে পৃথকে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত বৰ্তী হ'ব লগা হৈছে আৰু অসমীয়াৰ বৃহৎ জাতীয় স্বাৰ্থত সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে আজিৰ তাৰিখত খিলঞ্জীয়া বিৰোধী শক্তি সমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ সময় সমাগত সেই কথা সভাখনৰ জৰিয়তে সভাৰ আলোচনা চক্ৰখনৰ আলোচক সকলে প্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ সহযোগিতা কৰে সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যুগান্ত বৰদলৈ, কাৰ্যকৰী সভাপতি পংকজ শইকীয়া, যুটীয়া সম্পাদক অংকুৰজ্যোতি কলিতা আৰু অম্লান দত্তই। মুকলি সভাত বিদ্যালয়-মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে।