কালুগাঁৱত ৬৬ সংখ্যক আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা

কালুগাঁওঃ শিৱসাগৰ জিলাৰ আমগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত ১৮ ডিচেম্বৰৰ পৰা ক্ষীৰোদ বৰুৱা সোঁৱৰণি ৬৬ সংখ্যক আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা  অনুষ্ঠিত হ'ব। ৪ খন খেল পথাৰত প্ৰতিদিনে খেল অনুষ্ঠিত হ’ব৷ দেওবাৰে কালুগাঁও কলা-ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় বৰপাত্ৰদ'ল উচ্চ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা খেলৰ শুভ উদ্বোধন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই।

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ইনাজুল ৰহমানে। উদ্বোধনী অনুষ্ঠানত কলা-ক্ৰীড়াৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত গুৰু প্ৰসাদ নেওগ আৰু প্ৰাক্তন ক্ৰিকেট খেলুৱৈ প্ৰয়াত মন্তু কুমাৰ দত্তৰ স্মৃতি চাৰণ কৰে শিৱপ্ৰসাদ কলিতাই। শিৱসাগৰ শিশু ফুটবল ক'চিং চেন্টাৰ আৰু এ আৰু বি ফুটবল দলৰ মাজত আৰু শিৱসাগৰ শিশু ফুটবল ক'চিং চেন্টাৰ ফুটবল দল আৰু কালুগাঁও কলা-ক্ৰীড়া সন্থা শিশু ফুটবল দলৰ মাজত অনুষ্ঠিত দুখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।

মুঠ ৪২টা দলে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনৰ ১৮-২৫ ডিচেম্বৰলৈকে বিভিন্ন খেলপথাৰত কোৱাৰ্টাৰ ফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৭ আৰু ২৮ ডিচেম্বৰৰ ছেমিফাইনেল আৰু ৩০ ডিচেম্বৰত চূড়ান্ত খেল আমগুৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

সোমবাৰে প্ৰতিযোগিতাৰ উদ্বোধনী খেল বৰপাত্ৰদ'ল উচ্চ বিদ্যালয় খেলপথাৰত চৰাইদেউ বনাম বোকাখাত, আমগুৰি মিনি ষ্টেডিয়ামত শিৱসাগৰ বনাম তিতাবৰ, লাহদৈগড় তৰুণ সমাজ খেলপথাৰত লখিমপুৰ বনাম শালবাৰী আৰু দুৰ্লভ গগৈ খেলপথাৰত মাজুলী বনাম বঙাইগাঁৱৰ মাজত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ'লৰক্ষক আৰু চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈক আমগুৰি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা একোখনকৈ মটৰ চাইকেল উপহাৰ দিয়া হ'ব বুলি সন্থাৰ সভাপতি প্ৰদীপ হাজৰিকাই জানিবলৈ দিয়ে।