কালামৰ পদাংক অনুসৰণেৰে ৰাজনীতিলৈ কমল হাচান, মাদুৰাইত ঘোষিত হ’ব দলৰ নাম

 

ডিজিটেল ডেস্কঃ চিনেমা জগতৰ পৰা ৰাজনীতিলৈ অহা তাৰকাৰ সংখ্যা ভাৰতীয় ৰাজনীতিত গণি শেষ কৰিব নোৱাৰি। সেই সোঁততে চামিল হোৱাৰ কথা ঘোষণা কৰিছে ছবিজগতৰ তাৰকা শিল্পী কমল হাচানে। কিন্তু নিজৰ দলটোক অনন্য ৰূপত ডাঙি ধৰাৰ প্ৰয়াস চুপাষ্টাৰগৰাকীৰ। কিয়নো মিচাইল মানৱ আব্দুল কালামৰ পদাংক অনুসৰণ কৰিহে ৰাজনীতিত নামিব বিচাৰিছে শিল্পীগৰাকীয়ে। 

বুধবাৰে পুৱাৰ ভাগত ৰামেশ্বৰমস্থিত কালামৰ বাসগৃহৰ পদধূলি লৈ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জ্যেষ্ঠ ভাতৃৰ আশীৰ্বাদেৰে ৰাজনৈতিক জীৱনৰ পাতনি মেলে তাৰকা গৰাকীয়ে। ইয়াৰ পিছতে মাছমৰীয়া সমাজৰ সৈতে আলোচনাত বহে তাৰকাগৰাকীয়ে। 

নীতি নিৰ্ধাৰণ কৰাতকৈ সৰ্বসাধাৰণৰ বাবে কৰিবলগীয়া কামৰ তালিকাহে গুৰুত্বপূৰ্ণ বুলি কোৱা চুপাৰষ্টাৰ গৰাকীয়ে এই বুলিও কয় যে এতিয়া আৰু বাদৰ যুগ নাই। দিনে-দিনে ৰাইজৰ প্ৰতিনিধিসমূহৰ দায়িত্ব বাঢ়ি আহিছে আৰু এই দায়িত্ব মুৰ পাতি ল’বলৈ পায় গৌৰৱ বোধ কৰে তাৰকাগৰাকীয়ে। 

বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ প্ৰতিস্থাপক অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত মাদুৰাইত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব বুলি সংবাদ মাধ্যমক অৱগত কৰে চুপাৰষ্টাৰ কমল হাচানে।