ডিব্ৰুগড়ৰ সাংবাদিক মনোজ সিঙক কমলা শইকীয়া সাংবাদিকতা বঁটা

টিংখাংঃ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক মনোজ সিঙক প্ৰদান কৰা হ’ব এই বছৰৰ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা৷ কেবাবছৰ ধৰি সাংবাদিকতা তথা সমাজসেৱা কৰি অহা মনোজ সিঙৰ নাম ঘোষণা কৰাৰ পিছতে ডিব্ৰুগড়ৰ দল-সংগঠনে তথা ৰাইজ আনন্দিত হৈ পৰে৷

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙলৈ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰাৰ কথা সোমবাৰে ঘোষণা কৰে৷ আপকুৰ শিৱসাগৰ জিলাৰ সমিতিয়ে প্ৰতি বছৰে প্ৰদান কৰি অহা বঁটাৰ সৈতে কমলা শইকীয়া সোঁৱৰণী স্মাৰক, মানপত্ৰ আৰু উপহাৰৰ টোপোলা আগবঢ়োৱা হয়।

উক্ত বঁটা অহা ২৯ অক্টোবৰত শিৱসাগৰৰ কোঁৱৰপুৰত সাংবাদিকজনক আগবঢ়োৱা হব। সাংবাদিকতাৰ ক্ষেত্ৰৰ উপৰিও সমাজৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয় মনোজ সিঙে এই বঁটা লাভ কৰাত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান উৎফুল্ল হৈ সাংবাদিকজনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বঁটা দাতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

২০০০ চনৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰত জড়িত সিঙে ২০০৭ চনত পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা আৰু ২০০৯ চনত পৱিত্ৰ নাৰায়ণ সোঁৱৰণী ৰাজ্যিক সাংবাদিকতা বঁটাৰে সন্মানিত হৈছে।