মন্ত্ৰীৰ মতে ১, ৰহা সমষ্টিৰ বকুলগুৰিৰ মথাউৰিত কেইডালমান বাহ পুতি দায়িত্ব সামৰা হৈছে

কামপুৰঃ মথাউৰি নিৰ্মাণৰ মুখ্যমন্ত্ৰীৰ ডেড লাইন শেষ হ’বলৈ মাজত মাথোঁ পাঁচটা দিন বাকী৷ কিন্তু বানে সৰ্বশ্ৰান্ত কৰা ৰাইজৰ বকুৰ যন্ত্ৰণাবোৰ উপলব্ধি কৰি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নৈৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষা হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণ৷ 

৩০ এপ্ৰিললৈ মাজত আৰু ৫টা দিন থকা সময়তে বুধবাৰে ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাখিল কৰে৷ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি জলসম্পদমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত ২৫টা মথাউৰি নিৰ্মাণত হোৱা ব্যয়ৰ পৰিমাণ ৯০ কোটি ৫৩ লাখ টকা বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰীৰ মতে তাৰ মানে ৫ দিনৰ ভিতৰত ১ টা মাথাউৰি এৰি সকলো মথাউৰি নিৰ্মাণ সমাপ্ত হ’ব৷ 

কিন্তু ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি বহু আছে৷ মন্ত্ৰীৰ দাবীক হয়তো একপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা যে একেবাৰেই তথৈবচ তাকেই প্ৰমাণ কৰিব পৰাকৈ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷

নগাঁও জিলাৰ ৰহা সমষ্টিৰ বকুলগুৰি কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথ তথা মথাউৰিৰ খহনীয়া আজিও ৰোধ কৰিবলৈ সক্ষম নহল ৰাজ্য চৰকাৰ৷ কপিলী নৈৰ বিগত বলীয়া বানত কামপুৰ বকুলগুৰিৰ মথাউৰি তথা কামপুৰ বকুলগুৰি-কাৰ্বিআংলং সংযোগী পথটোৰ পকী অংশ সম্পূৰ্ণ ৰূপে কপিলীত জাহ গৈছিল৷ কিন্তু আজি পৰ্যন্ত জলসম্পদ বিভাগ, গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷ 

মন্ত্ৰীয়ে দিছপুৰত সংবাদ মেল অনুষ্ঠিত বৰ বৰ ঘোষণা কৰিলে যদিও কামপুৰ বকুলগুৰিৰ মথাউৰি তথা কামপুৰ বকুলগুৰি-কাৰ্বিআংলং সংযোগী পথ নৈত জাহ যোৱাৰ উপক্ৰম হোৱাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

বকুলগুৰি গাঁও পঞ্চায়তৰ জৰিয়তে কঠিয়াতলী উন্নয়ন খণ্ডৰ পৰা এম জি এনৰেগা আঁচনিৰ পৰা ৯ লাখ ৪০ হাজাৰ টকা আবণ্টন দি কেইডাল মান বাঁহ আৰু বালি ভৰোৱা বস্তাৰে নিৰ্মাণ কৰি থকা হৈছে পথ তথা মথাউৰিটো৷ কিন্তু এম জি এনৰেগা আঁচনিৰ ধন ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়াত আধাতে সামৰিব লগা হৈছে নিৰ্মাণৰ কাম৷  

ইফালে বান্ধটোৰ কাম বন্ধ হৈ পৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷ পথটো মাথো ৩ মিটাৰ অংশৰ বাবেহে লৈ আছে৷ যদি এই তিনি মিটাৰ অংশ খহাই নিয়ে তেন্তে প্ৰায় ৫০ খনৰো অধিক গাঁও জলমগ্ন হ’ব৷ আনহাতে কুম্ভকৰ্ণ নিদ্ৰাত থকা ৰাজ্যৰ জলসম্পদ বিভাগে এই বান্ধটো শক্তিশালী কৰি নিৰ্মাণ নকৰি গাঁও পঞ্চায়তক বাঁহেৰে নিৰ্মাণ কৰিবলৈ দিয়াত কণা হাঁহক পতান দিয়া বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে৷