কামপুৰত কংগ্ৰেছৰ সভা, বিজেপিয়ে হিটলাৰী শাসন চলাইছে

কামপুৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধি সকলোৱে ব্যস্ত হৈ পৰিছে গাঁৱে-ভূঞে প্ৰচাৰ কৰাত৷ শাসক বিজেপি, অগপৰ লগতে বিৰোধি কংগ্ৰেছ দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ নিতৌ প্ৰতিটো দলে ৰাজ্যৰ বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইক আকৰ্ষিত কৰাৰ চেষ্টা কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷

তাৰ মাজতে বৃহস্পতিবাৰে নগাঁৱৰ কচুৱাত কংগ্ৰেছৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থাকি ৰাজ্যত হিটলাৰী শাসন চলােৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপি দলৰ বিৰুদ্ধে৷

কঠীয়াতলী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰাক্তন মন্ত্ৰী আনন্দৰাম বৰুৱাৰ পুত্ৰ অনুপানন্দ বৰুৱাই বিজেপি দলৰ পৰা পুনৰ কংগ্ৰেছ দলত যোগদান কৰাৰ লগতে বিজেপি, AIUDFকে ধৰি বিভিন্ন দলৰ প্রায় ১৬০০শ কৰ্মীয়ে কংগ্রেছ দলত যোগদান কৰে। ৰকিবুল হুছেইনে বিজেপি দলক তীব্ৰ সমালোচনা কৰাৰ লগতে NRCক উন্নীতকৰণ কৰাৰ লগতে AIUDF-এ বিশৃংখল পৰিবেশৰ সৃষ্টি কৰিছে বুলি মন্তব্য আগবঢ়ায়।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে গৰিষ্ঠ সংখ্যক পঞ্চায়তত জয়ী হ’ব বুলি লাভ কৰাৰ লগতে ২০১৯ত পুনৰবাৰ কংগ্ৰেছ চৰকাৰ হ’ব বুলি কয়। কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি বেণু আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰা, শশী দাস উপস্থিত থাকে।