প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত চৰকাৰৰ ফলকত বোকা-গোবৰ সানিলে মহিলাই

কামপুৰঃ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জনগণ৷ সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি অসমীয়াৰ ভোট লৈ দিছপুৰৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফে এতিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি পেলাইছে৷ গ্ৰাম্য এলেকাৰ উন্নয়নৰ বাবে দিয়া প্ৰতিশ্ৰুতি একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে৷ 

বিশুদ্ধ খোৱাপানী, স্কুল, কলেজ, ৰাস্তা-ঘাটৰ অৱস্থাৰ সলনি নহল এই খন চৰকাৰৰ দিনত৷ বৰ বৰ কথা কৈ চৰকাৰ গঠন কৰা দল তিনিটাই গ্ৰম্য এলেকাক পাহৰি যোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ অসমৰ বহু গ্ৰাম্য পথত চাইকেল চলাই যোৱাটো দূৰৰ কথা খোজকাঢ়ি যাব নোৱাৰাৰ দৰে পৰিৱেশ হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাট-পথৰ অৱস্থাৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হয়৷ 

নগাঁও জিলাৰ বহু গ্ৰাম্য পথত চাইকেল চলাই যাব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায়৷ খলা-বমা, গাতৰ বাবে গাড়ী মটৰ নহয় ট্ৰেক্টৰ হে চলাব পাৰে গ্ৰাম্য এলেকাৰ পথত৷ বহু পথৰ এতিয়া চিন-চাব নাই৷ শৰালি অহাৰ লগে লগে বৰষুণ দিবলৈ এৰাৰ লগে লগে পথৰ বোকা শুকাই পৰে৷ ৰাইজে আশা কৰিছিল পানী শুকুৱাৰ লগে লগে পথ সমূহ নিৰ্মাণ কৰিব প্ৰশাসনে৷

ৰাইজে বিধায়কে নেতৃত্ব লৈ পথ সমূহ নিৰ্মাণ কৰিব বুলি বাট চাই ৰৈছিল যদিও শেষত ৰাইজৰ আশাত চেঁচাপানী পৰে৷ পুনৰ বাৰিষা আহিল বৰষুণ দিবলৈ আৰম্ভ কৰিলে যদিও বিধায়ক তথা প্ৰশাসনৰ খবৰ নাই৷ যাৰ ফলত নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজকামপুৰ গাঁও পঞ্চায়তৰ ৰাইজে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ কৰে ৰাইজে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু নিজকামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্দনা বৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পথ নিৰ্মাণৰ দাবী জনায়। 

নিজকামপুৰ গাওঁ পঞ্চায়ত মূল পথটোৰ আধাৰশিলা স্থাপন কৰে যদিও আজিলৈ নিৰ্মাণ নকৰাত ৰাইজে ক্ষোভিত হৈ পৰে৷ যাৰ ফলত শুকুৰবাৰে আধাৰশিলাত বোকা-গোবৰ সানি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিৱৰ্তনৰ নামত প্ৰকৃততে ৰাইজে পাইছে কি বুলি প্ৰশ্ন উত্থাপন কৰে। কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তর্গত নিজকামপুৰ গাঁও পঞ্চায়তৰ ১৬-১৭ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ পথটো মেৰামতিৰ অভাৱত জহি-খহি যোৱাত গাড়ী মটৰটো দূৰৰ কথা খোজকাঢ়িবৰ অৱস্থা নোহোৱা হৈছে৷ ৰাইজে দীৰ্ঘ দিনে পথটো নিৰ্মাণৰ দাবী জনাই আহিছে যদিও বিধায়ক, প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷

পৰিৱৰ্তনৰ নামত ৰাইজক ৰামঠগন দিয়া বুলি কয় নিজকামপুৰৰ মহিলাই। ২০১৬-১৭বৰ্ষতে এম জি এন ৰেগাৰ আঁচনিৰ অধিনত ১৮ লাখ ৩০০ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হ’ব লগা পথটোৰ বাবে জ্বলাকলা খাইছে ৰাইজে। এম্বুলেন্স নোসোমাই গাঁও খনৰ এক মাত্ৰ পথটোত। ফলত ক্ষোভিত হৈ পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। আধাৰ শিলাৰ ফলকত বোকা-গোবৰ সনাৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে সভানেত্ৰী বন্দনা বৰা গ’বেক, হায় হায় ধ্বনিৰে প্ৰতিবাদ জনায়। উল্লেখ্য যে, ১০ দিনৰ ভিতৰত পথ নিৰ্মান নহলে পঞ্চায়ত কাৰ্যালয়ত তলা লগাই দিয়াৰ হুংকাৰ দিয়ে ক্ষোভিত ৰাইজে।