
কামপুৰঃ শ্ৰমিকক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাৰোখুন্দা পঞ্চায়তৰ বিৰুদ্ধে৷ এমজি এনৰেগাৰ আঁচনিৰ নিয়ম মতে, পথ, খেৰপথাৰ, বিদ্যালয় চৌহদ আদি মাটি পুটিব লাগিলে শ্ৰমিকৰ হতুৱাই কাম কৰিব লাগিব৷
শ্ৰমিকৰ কৰ্মদিন নিশ্চিত কৰাৰ বাবে এই নীতি গ্ৰহণ কৰে চৰকাৰে৷ কিন্তু এই নীতি ভংগ কৰিছে খোদ শাকীয় দলৰ একাংশ লোকে৷ শ্ৰমিকৰ পৰিৱৰ্তে এক্সভেটৰেৰে এমজি এনৰেগাৰ কাম কৰি শ্ৰমিকক বঞ্চিত কৰিলে নগাঁও জিলাৰ ৰহা সমষ্টিত৷
বিজেপিকৰ্মীয়ে সহজতে পকেট গৰম কৰাৰ স্বাৰ্থত দুৰ্নীতিৰ আশ্ৰয় লয় নগাঁৱৰ ৰহা সমষ্টিত শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন গৈছে৷ ৰহা সমষ্টিৰ গাৰোখুন্দা পঞ্চায়তত পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ কাম শ্ৰমিকৰ পৰিৱৰ্তে এক্সভেটৰেৰে কাম কৰি শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়ত সমূহৰ এম জি এনৰেগা আঁচনিৰ কাম সমূহ মেচিনৰ পৰিৱৰ্তে জৱকাৰ্ডৰ শ্ৰমিকক কাম কৰিবলৈ সময়ে সময়ে নিৰ্দেশ দি আহিছে৷
সেই সময়তে ৰহা সমষ্টিত নিশাৰ অন্ধকাৰত বিজেপি দলৰ শীৰ্ষ নেতাই জেচিবি-ডাম্পাৰৰ সহায়ত চলাই গৈছে এম জি এনৰেগা আঁচনিৰ কাম৷ নগাঁও জিলাৰ বিজেপি দলৰ জিলা সম্পাদক শান্তিৰাম বৰাই ৰহা সমষ্টিৰ গাৰোখুন্দা পঞ্চায়তত এনেদৰে নিশাৰ অন্ধকাৰত জেচিবি ডাম্পাৰৰ সহায়ত চলাই আছে এম জি এনৰেগা আচঁনিৰ কাম৷
কঠিয়াতলী উন্নয়ন খণ্ডই এমজি এনৰেগা আঁচনিৰ অধিনত ৯ লাখ টকাৰ ব্যয় সাপেক্ষে গাৰোখুন্দা পঞ্চায়তৰ এখন বিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠানৰ উন্নয়নৰ বাবে এম জি এনৰেগা আচঁনিৰ অধিনত চলাই গৈছে কাম ৷
এতিয়া প্ৰশ্ন হয়, বিজেপি কৰ্মীয়ে শ্ৰমিকক বঞ্চিত কৰি নীতি বহিঃৰ্ভুত ভাৱে কৰা দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে কঠিয়াতলী খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে৷