কামপুৰত আৰক্ষীৰ প্ৰহাৰত প্ৰাণ গল সুৰাপায়ীৰ, আৰক্ষীক আক্ৰমণ মহিলাৰ

কামপুৰঃ আৰক্ষীৰ প্ৰহাৰত নগাঁও জিলাৰ কচুৱাৰ লংজাপ মাজগাঁৱৰ বাপধন নাথ নামৰ লোক জনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয়৷ শুকুৰবাৰে বাপ ধন নামৰ লোকজনৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলে উত্তেজিত হৈ পৰে৷

পৰিয়ালৰ লোকসকলে আৰক্ষীক প্ৰহাৰ কৰিবলৈ উদ্যত হয়৷ এগৰাকী আৰক্ষী বিষয়াক মহিলাই বেয়াকৈ প্ৰহাৰ কৰা দেখা যায়৷ কামপুৰ এফআৰইউত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে কান্দোনৰ ৰোল উঠে৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বাপধনে কোনো লোকৰ সৈতে তর্কাতৰ্কিত লিপ্ক হয়৷ উক্ত সময়ত মদৰ ৰাগীত আছিল বাপধন৷

তাৰ পিছতে এই খবৰ আৰক্ষীক দিয়ে কোনো লোকে৷ কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাপধনক লৈ আহে আৰক্ষী থানালৈ। আৰক্ষীয়ে লোকজনক মাৰধৰ কৰি থানাত পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে৷ পাছত লোকজনক কামপুৰ চিকিৎসালয়ত আনে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ কামপুৰ এফআৰইউত উত্তেজিত মহিলাই অভিযুক্ত আৰক্ষী বিষয়াক প্ৰচণ্ড চৰ সোধাই প্ৰহাৰ কৰে৷

কামপুৰ এফআৰইউত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডি উপাধ্যায় উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিয়ালৰ লোকসকলক বুজিন দি ক্ষান্ত কৰে৷ উক্ত ঘটনাত দায়িত্বত থকা কচুৱা আৰক্ষী থানাৰ এছআই পৱন ডেউৰাজাক তৎকালে বৰ্থাস্ত কৰে৷ সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ আনহাতে, আৰক্ষী অধীক্ষকগৰাকীয়ে ব্যক্তিগত ভাবে পোন্ধৰ হাজাৰ টকা পৰিয়ালটোক প্ৰদান কৰে৷