মোডীৰ জন্মদিনত আইতাৰ হাতত ঝাড়ু

কামপূৰঃ হাতে হাতে ঝাড়ু সৈ ওলাই আহিল আৱাল, বৃদ্ধ, বনিতা৷ সকলোৱে ওলাই আহিলে পৰিস্কাৰ হ’ব আমাৰ দেশ পৰিস্কাৰ হ’ব আমাৰ গাঁও৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত এই ধাৰণা লৈয়ে দেওবাৰে কামপুৰৰ গুইমাৰীত হাতে হাতে ঝাড়ু লৈ ওলাই আহিল সকলো৷

মোদীৰ জন্মদিনত স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি চাফ-চিকুন কৰিবলৈ ওলাই আহি হাতে-কামে লাগে সকলোৱে৷ আইতা সকলো ওলাই আহে হাতত ঝাড়ুলৈ৷

কেইবাগৰাকী বৃদ্ধ আৰু বৃদ্ধাই হাতত ঝাড়ুলৈ পথ পৰিস্কাৰ কৰি থকা দেখা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনটোত এনেদৰে শুভেচ্ছা জনোৱাৰ বাবে ওলাই আহে৷কামপুৰৰ বগলা জান পঞ্চায়তৰ ৯৪নং বুথৰ বিজেপি কৰ্মীসকলে চাফাই কাৰ্যসূচীৰ উদ্যোগ লয়৷