
কামপুৰঃ উজনি-নামনি-বৰাক উপত্যকাৰ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি কাটি আজিও বন ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ যেন ককালত টঙালি বান্ধিছে৷
তাৰ মাজতে, নগাঁও জিলাৰ কামপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত বালি মাফিয়াৰ দৌৰাত্ম্য অব্যাহত আছে। কামপুৰৰ বৰপানীৰ ৰমণী পথাৰস্থিত ১নং বালি মহল আৰু ফাকলি বালি মহলত আজিও অবৈধ ভাবে মেচিনেৰে বালিৰ খনন অব্যাহত ৰাখিছে একাংশ লোকে৷ কপিলীৰ বাহাকাবাৰী বালি মহলত বন আইন উলংঘা কৰি মেচিনেৰে বালি খনন থকাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত তকা বন বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে৷
ক্ষোভিত ৰাইজে বুধবাৰে বন বিভাগে গুৰুত্ব আৰোপ নকৰাত মেচিনেৰে বালি তোলা বন্ধ কৰি দিয়ে৷ পিপৰা গাওঁ বাসীয়ে খহনীয়া ৰোধৰ বাবে মেচিনৰে বালি তোলা বন্ধ কৰি দি প্ৰশাসনক এইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ এই ক্ষেত্ৰত মন্ত্ৰী প্ৰমিলাৰ বন বিভাগে চকুমুদা কুলিৰ ভাওঁ লোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বন বিভাগে কামপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাহাকাবাৰী বালি মহলত একাংশ বালি মাফিয়াই কপিলী নৈৰ বুকুত মেচিন বহুৱাই বালি খনন অব্যাহত ৰাখিছে।
একাংশ বন বিষয়াৰ সহযোগত বালি মাফিয়াৰ দৌৰাত্ম্য চলি থকাৰ ফলত চৰকাৰে বৃহৎ পৰিমানৰ ৰাজহৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে বালিৰ এনে অবৈধ খনন কাৰ্যই অঞ্চল সমূহলৈ জৈব বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। কপিলী নৈৰ ভয়াবহ বান আৰু গৰা খহনীয়াই ৰাইজক প্ৰতিটো বাৰিষাই চকু টুকিব লাগে যদিও চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷