জকাইচুকৰ লৰা-ছোৱালীয়ে ভাঙিলে আভিজাত্যৰ ভেম, মহানগৰীৰ মান ৰাখিলে মৃত্ৰিকা-উজ্জ্বল-প্ৰতীক্ষাই

newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত ঐতিহ্যমণ্ডিত কেইবাখনো মহাবিদ্যালয়ে পূৰ্বৰ গৰিমা অটুট ৰাখিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ লগে লগে লাখ লাখ টকাৰে অভিভাৱকে নামভৰ্তি কৰা মহানগৰীত স্থাপিত নামী-দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহেও সুনাম ধৰি ৰাখিব পৰা নাই৷ 

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰেই গুৱাহাটী মহানগৰীৰ পৰীক্ষাৰ্থীয়ে বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম ন’হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো৷ হাইস্কুল পৰীক্ষাৰ দৰেই উচ্চতকৰ মাধ্যমিকৰ পৰীক্ষাতো অভিজাত মহানগৰীৰ ভেম ভাঙিলে গাঁৱৰ লৰা-ছোৱালীয়ে৷ আকৌ এবাৰ যেন ভাঙিল আভিজাত্যৰ ভেম৷ 

কলা শাখাত এগৰাকীও শিক্ষাৰ্থীয়ে স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই৷ বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰে৷ গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী প্ৰতীক্ষা বাচ্যাচে ৪৫৭ লম্বৰ লাভ কৰি নৱম স্থান লাভ কৰে৷ ৪৫৬ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰে মৃত্ৰিকা নাথে৷ বিজ্ঞান শাখাত কটন বিশ্ববিদ্যালয়ৰ পৰা উজ্জ্বল জৈনে ৪৭১ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এই দুগৰাকী ছাত্ৰীয়ে মহানগৰীৰ মান ৰাখে৷ মহানগৰীত উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান থকা বুলি কৰি অহা গৌৰৱক ভেঙুচালি কৰে এক প্ৰকাৰ৷ আভিজাত্যৰ ভেমত ব্ৰতি হৈ পৰা মহানগাৰীক বাৰে বাৰে যেন গাঁৱৰ বোকা পানীয়ে প্ৰত্যাহ্বানহে জনাইছে৷

আভিজাত্যৰ ভেম তচনচ কৰি অখ্যাত গাঁও, মফচলীয়া চহৰৰ দৰিদ্ৰ, খাটিখোৱা, মধ্যবিত্তৰ সন্তানে উজলি উঠিছে প্ৰতিটো পৰীক্ষাত৷ যোৱা কেইবাটাও বছৰৰ দৰে এইবেলিও গাঁৱৰ মেধাই জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ব্যক্তিগত বিদ্যালয়েৰে ভৰি থকা মহানগৰীৰ দুগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰে যদিও এয়া সন্তোষ জনক নহয় বুলি কয় একাংশ সচেতন অভিভাৱকে৷ 

কোনগৰাকী অভিভাৱকে কোনখন নাম থকা বিদ্যালয়ত নিজৰ সন্তানক পঢ়াব তাকলৈ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে৷ বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা দানতকৈ গ্লেমাৰ দেখুৱাবলৈহে চেষ্টা কৰা দেখা যায়৷ 

সকলো বিষয়ত টিউচন থকাৰ লগতে সকলো সা-সুবিধা থকাৰ পিছতো মহানগৰীৰ শিক্ষাৰ্থীয়ে স্থান লাভ নকৰা আৰু কম শিক্ষাৰ্থীয়ে স্থান লাভ কৰা বিষয়টোৱে  ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি মন্তব্য কৰি কয় যে সমগ্ৰ মহানগৰীতে আচলতে শিক্ষাৰ নামত ব্যৱসায়হে চলিছে। মুঠৰ ওপৰত মহানগৰীক পিছ পেলাই আগবাঢ়িছে বোকা-পানীৰ গাঁৱে।