নিশাৰ ভিতৰতে কামপুৰত কপিলীৰ ৰুদ্ৰমূৰ্ত্তি

কামপুৰঃ বিগত কিছুদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ পাছত আবতৰীয়া বানে সংহাৰী ৰূপ লৈছে কামপুৰত। বৰষুণৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰুপ ধাৰণ কৰিছে৷ যাৰ বাবে নিশাৰ ভিতৰতে কামপুৰ ৰাজহ চক্ৰৰ বহু গাঁও প্লাৱিত হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন কৰিছে। ইফালে কপিলী নৈৰ প্ৰৱল বানত বকুলগুৰি কলনিৰ জামে মছজিদটোও কপিলী বুকুত জাহ যায়।

কামপুৰত বিগত সময়ত হোৱা ভয়াবহ বানৰ অন্তত কৃষক ৰাইজে পুনৰ পথাৰত সোণগুটি সিচিছিল যদিও সদ্য বাঢ়নী পানীত নসাৎ হ’ল কৃষকৰ সপোন৷ গেঁৰ ধৰা ধাননি পথাৰখন এথিয়া বানত বুৰ যোৱাত মুৰে কপালে হাত দিছে কৃষক শ্ৰেনীয়ে৷

ইফালে কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাবুকি নামি আহিছে কামপুৰ বকুলগুৰি-কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথটোলৈ৷ বিগত বানত পথটোৰ অৰ্ধাংশ উটি যোৱাৰ পাছত পুনৰ অহা বানত চপৰা চপৰে খহিছে বাকীছোৱা অংশ৷ যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ 

ইফালে কামপুৰ বাৰেগোগা-বাহাকাবাৰীৰ এটা মাথাউৰীলৈ কপিলীৰ বানে শংকা নমাই অনাত ৰাইজে নিজেই মথাউৰিটোৰ মেৰামতিত নামি পৰিছে৷ জলসম্পদ বিভাগ আৰু জনপ্ৰতিনিধিৰ অকৰ্মণ্য স্বভাৱৰ বাবে অঞ্চলটোৰ ৰাইজে এনেদৰে নিজেই নিজৰ সুৰক্ষাৰ চিন্তা কৰিবলগীয়া হৈছে বুলি তীব্ৰ ক্ষোভ উজাৰে অঞ্চলবাসীয়ে৷