কাৰ্বি ভূমিৰ সন্তানে পঢ়ক চৰকাৰী স্কুলত, অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নজনা বুলি ভবাটো ভুল

newsnextone.com| খেৰণিঃ কাৰ্বি পাহাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই৷ ২৫ মে’ত ঘোষিত হাইস্কুল পৰীক্ষাৰ ফলাফলত কাৰ্বি আংলং জিলাত এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানত স্থান নাপালেও কৰণ উপাধ্যায় নামৰ ছাত্ৰজনে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে জিলা দুখনলৈ৷ মাইলু অসমীয়া হাইস্কুলৰ ছাত্ৰজনে সৰ্বমুঠ ৯৫.৬৬% শতাংশেৰে ৫৭৪ নম্বৰ লাভ কৰি লৈ সমগ্ৰ কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনে৷ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনৰ সময়তে চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় কৰণ৷

যিটো সময়ত কাৰ্বি ভূমিৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আস্থা হেৰুৱাৰ উপক্ৰম হৈছে তেনে সময়তে চৰকাৰী বিদ্যালয় মাইলু অসমীয়া হাইস্কুলৰ ছাত্ৰ তথা মাইলু নেপালী গাঁৱৰ ঈশ্বৰ প্ৰসাদ উপাধ্যায় আৰু চুমা আচাৰ্যৰ কনিষ্ঠ পুত্ৰ কৰণে নেপালী বিষয়ত ৯৪, ইংৰাজী ৯৩, গণিতত ৯৮, বিজ্ঞান ৯৮, সমাজ বিজ্ঞানত ৯৯ নম্বৰ আৰু হিন্দী বিষয়ত ৯২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

কাৰ্বি ভূমিৰ অধিকাংশ অভিভাৱকে তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়মুখী হোৱাৰ সময়তে কৰণে চৰকাৰী খণ্ড স্কুলত পঢ়ি মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ অভিভাৱকৰ সচেতনতা থকাৰ লগতে পৰীক্ষাৰ্থীয়ে সাধনা কৰিলে নিশ্চয়কৈ চৰকাৰী খণ্ডত পঢ়িলেও সফলতা লাভ কৰিব পাৰি বুলি কয় কৰণৰ পিতৃ-মাতৃয়ে। 

কৰণক চৰকাৰী-ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কথা সোধা হৈছিল তেতিয়া কৰণে কয় যে ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম বুলিটো কোনো কথা থাকিব নোৱাৰে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িলে ইংৰাজী নাজানিব বুলি ভবাটোও ভুল ধাৰণা। অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰি যি ধৰণে যত্ন কৰে তেনেকৈ চৰকাৰী খণ্ডত নাম ভৰ্তি কৰাৰ পিছত যত্ন কৰিলে চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলেও নিশ্চয়কৈ সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব বুলি উল্লেখ কৰে কৰণে৷ কৰণে কাৰ্বি পাহাৰৰ সকলো অভিভাৱকক নিজৰ সন্তানক চৰকাৰী বিদালয়ত নাম ভৰ্তি কৰিবলৈ আহ্বান জনায়।