
বোকাজানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্বি জনগোষ্ঠীৰ লোকেৰে ভৰি পৰিছে কাৰ্বি পাহাৰৰ বোকাজান মহকুমাৰ হানজাংলাংছ'৷ জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই পৰম্পৰাগত সাজেৰে ওলাই আহিছে লাম্মেত আমেইৰ অধিবেশনলৈ৷ সাহিত্য, লোক নৃত্য, গীত, মাতেৰে ৰজন জনাই উঠিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আকাশ-বতাহ৷ জনগোষ্ঠীটোৰ সাহিত্য উন্নয়নৰ বাবে বোকাজান মহকুমাৰ হানজাংলাংছ'ৰ ডনছূৰি ক্ষেত্রত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বর্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেই তথা কাৰ্বি সাহিত্য সভাৰ ২৬তম দ্বি-বার্ষিক অধিবেশন বিভিন্ন সাহিত্য অনুষ্ঠানৰ মাজেৰে দেওবাৰে সামৰণি পৰে।

কাৰ্বি সাহিত্যক বিশ্বৰ দৰবাৰত জিলিকাই তোলাৰ লক্ষ্য তথা চিন্তা-চৰ্চাৰে জনগোষ্ঠীটোৰ জ্যেষ্ঠ লোকসকলে প্ৰথমদিনাৰ পৰাই নিজৰ ভাষা, সাহিত্যৰ বিভিন্ন বিষয়ত আলোচনা-বিলোচনা কৰি জনগোষ্ঠীটোৰ প্ৰতিগৰাকী ব্যক্তিক নিজ ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উপৰিও শোণিতপুৰ, বিশ্বনাথ চাৰিআলি আদিৰ পৰা অহা তিনি শতাধিক কাৰ্বি লাম্মেত আমেইৰ প্ৰতিনিধি তথা স্থানীয় ৰাইজৰ উপস্থিতিত শুকুৰবাৰে পুৱা ৮.০০ বজাত কাৰ্বি লাম্মেত আমেইৰ সভাপতি সুৰেণ ক্রামছাই লাম্মেত আমেইৰ পতাকা উত্তোলন কৰে।
পতাকা উত্তোলনৰ কাৰ্যসূচীত স্মৃতি তর্পক ৰূপে উপস্থিত থাকে সাহিত্যিক লুঞ্চে তিমুং। ১০.৩০ বজাৰ পৰা লাম্মেত আমেইৰ উপ-সভাপতি চিত্র কুমাৰ বেৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা উদ্ধোধন কৰে বিশিষ্ট সাহিত্যিক ধৰমছিং টেৰণে৷ গ্ৰন্থ উন্মোচনী সভাত কাৰ্বি লাম্মেত আমেইৰ স্মৃতিগ্ৰন্থ হানজাংলাংছ’ৰ লগতে কাৰ্বি লাম্মেত আমেইৰ দ্বাৰা গঠিত আৰু কাৰ্বি লাম্মেত ট্ৰাষ্টৰ দ্বাৰা প্রকাশিত ২১ খন গ্ৰন্থ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কার্যবাহী সদস্য জগতছিং ইংতিয়ে।

১১.৩০ বজাৰ পৰা ঠাইতে প্রবন্ধ আৰু কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত বিয়লি ২.৪৫ বজাৰ পৰা উপ-সভাপতি শুকুৰছিং ৰংপিৰ সঞ্চালনাত "কাৰ্বি লোক কৃষ্টিত লোক সাহিত্যৰ চহকী ৰূপ" শীর্ষক আলোচনা চক্ৰত কাৰ্বি সমাজৰ স্বনামধন্য শিল্পী চন্দ্ৰকান্ত তেৰাং, বিশিষ্ট সাংস্কৃতিক সংগঠক চন্দ্ৰছিং ক্র, বিশিষ্ট সাহিত্যিক ছিং ক্র আৰু জয়ছিং টকবিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া ৫.৩০ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ লগতে ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে বিশিষ্ট শিল্পী তোষেশ্বৰ তেৰাঙে৷
শুকুৰবাৰে দ্বিতীয় দিনটো কাৰ্বি জাতীয় সংগীতৰ স্ৰষ্টা কবি, গীতিকাৰ, সাহিত্যিক কেহাই বেৰৰ নামত উছৰ্গা কৰে৷ বোকাজান মহকুমাৰ অন্তৰ্গত হানজাংলাংছৰ ডনছূৰি আক্লামত যোৱা ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেত আমেইৰ ২৬তম দ্বি-বার্ষিক অধিবেশনৰ দেওবাৰে অন্তিম দিনটোত কাৰ্বি ভাষা সাহিত্যৰ কাণ্ডাৰী বংলং তেৰাঙৰ নামত উছৰ্গা কৰা হয়। বিশিষ্ট শিক্ষক, সমাজকৰ্মী, জয়ছিং তিমুঙে পুৱা ৯.০০ বজাত ভাষা সাহিত্যৰ কাণ্ডাৰী বংলং তেৰাঙৰ নামত উছৰ্গা কৰা মঞ্চ উদ্ধোধন কৰে। ইয়াৰ পাছত পুৱা ৯.৩০ বজাৰ পৰা স্বনামধন্য বিশিষ্ট কবি ছাৰএৎ হাঞ্চেৰ সঞ্চালনাত বিশুদ্ধ সাহিত্যিক হাংমিজি হাঞ্চেই কবি সন্মিলন উদ্ধোধন কৰে। বিশিষ্ট কবি ধনেশ্বৰ ইংতি আৰু ফুলমতী টেৰাণপীৰ পৰিচালনা কৰা সন্মিলনত ৫০ গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।
বিয়লি ১.০০ বজাত অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ লাহৰিজানৰ গড়কপ্তানী বিভাগৰ অতিথিশালাৰ পৰা তিনি শতাধিক সৰু বৰ গাড়ীৰে এক বৃহৎ সমদল কৰি হানজাংলাংছ'ৰ দিশে অগ্ৰসৰ হয় আৰু তলবালিজান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সমদলটোৰ অন্ত পেলাই আৰু বিদ্যালয়ৰ খেলপথাৰৰ পৰা কাৰ্বি লাম্মেত আমেইৰ সভাপতি সুৰেণ ক্রামছাক কাৰ্বি, অসমীয়া গায়ন-বায়ন, বড়ো, মেচ-কছাৰী, গাৰো, আদিবাসী, মান-টাই, কুকি, মনিপুৰী, গোর্খা আদি পাহাৰীয়া জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকে চেপি, ঢোল, খ্রাম, মাদল, বাহী, চিফুং, মুৰি আদি লোকবাদ্যৰে সভাথলীলৈ আদৰি আনে ৷
আনহাতে অন্তিমদিনাটোৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে হানজাংলাংছ'ত নিজ নিজ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে ৰঙৰ নিজৰা বোৱাই কাৰ্বি লাম্মেত আমেইৰ ২৬ সংখ্যক অধিবেশনৰ মূল দিনটোক অধিক বৰ্ণিল কৰি তোলে৷
বিয়লি তিনি বজাৰ পৰা সভাপতি সুৰেণ ক্রামছাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছ, বর্ষীয়ান ৰাজনীতিবিদ, সাংসদ বীৰেণছিং ইংতি, কার্যবাহী ৰূপছিং টেৰণ, জগতছিং ইংতি, প্ৰাক্তন কার্যবাহী সদস্য তথা এম এ চি লংকি তিমুং, এম এ চি ৰিচার্ড টকবি, কাৰ্বি কালচাৰেল চচাইটিৰ সভাপতি চন্দ্ৰছিং ক্র, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতিৰ সম্পাদক ছিং তিমুঙকে আদি কৰি কাৰ্বি আংলঙৰ বিভিন্ন জাতীয় সংগঠনৰ সভাপতি, সম্পাদক আৰু অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী উপস্থিত থাকে।
কাৰ্বি লাম্মেত আমেইৰ সভাপতি সুৰেণ ক্ৰামছাই সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰতিনিধি সভাই গৃহিত কৰা প্ৰস্তাব সমূহৰ বিষয়ে উল্লেখ কৰি এনআৰচি আৰু ভোটাৰ তালিকাত হোৱা শব্দৰ ভুল সমূহ নোহোৱা কৰিবৰ বাবে অসমীয়া আখৰৰ পৰিবৰ্তে ইংৰাজী আখৰ ব্যৱহাৰ কৰা, এবছৰৰ ভিতৰত নৱম আৰু দশম শ্ৰেণীত কাৰ্বি ভাষাটো মাতৃভাষা ৰূপে স্বৃকীতি প্ৰদান কৰাৰ লগতে উচ্চ মাধ্যমিক পৰীক্ষাত কাৰ্বি জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলে কাৰ্বি ভাষাত মাতৃভাষাৰ পৰীক্ষাত অৱৰ্তীণ হোৱাৰ ব্যৱস্থা কৰা দাবী জনাই চৰকাৰক।
কাৰ্বি ভাষাৰ শিক্ষকসকলৰ লগতে কাৰ্বি মাধ্যমৰ বিদ্যালয় সমূহ শীঘ্ৰে নিয়মীয়াকৰণ কৰা আৰু কাৰ্বি আংলংৰ ১১টা ব্লকত দশম শ্ৰেণীলৈ একোখনকৈ কাৰ্বি মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ লোৱা বুলি কয় সভাপতিগৰাকীয়ে। কাৰ্বি ভাষা-সাহিত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে কাৰ্বি জনগোষ্ঠীৰ নৱ-প্ৰজন্মৰ লেখক-লেখিকসকলক কাৰ্বি জনগোষ্ঠীয় লিখনী সমূহ পঢ়িবলৈ আহ্বান জনায়।