
newsnextone.com|কাৰ্বি আংলংঃ যিকোনো চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক কেলেংকাৰীৰ কোটি কোটি টকাৰ চৰকাৰী ধন আত্মহাতৰ ভূ-স্বৰ্গত পৰিণত হোৱা পাহাৰীয়া জিলা কাৰ্বি আংলংত সংঘটিত হৈছে আন এক বৃহৎ কেলেংকাৰী৷ জিলাখনৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপথাৰস্থিত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ শ্যামগাঁওৰ নাওজান জানটোৰ ওপৰত অৱস্থিত পকী দলং নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। বিগত এপ্ৰিল মাহত ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম'মিনে আধাৰশিলা স্থাপন কৰা প্রায় ১.৬৪ কোটিৰো অধিক টকাৰে বৰ্তমান নিৰ্মাণ হৈ থকা দলং খনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ চাৱাৰমল আগৰৱালা আৰু দলংখনৰ নিৰীক্ষণৰ দায়িত্বত থকা চৰকাৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্বি আংলং জিলাৰ বৰপথাৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অজিত দাস লিপ্ত হৈ পৰিছে ব্যাপক দুৰ্নীতিত ।
উল্লেখ্য যে পাৰ্বত্য জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰৰ ১৩১ বছৰ পুৰণি এখন গাঁও হৈছে শ্যামগাঁও৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দহখন গাঁওলৈ অহাযোৱা কৰা একমাত্ৰ দলং এইখন৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ গঠন হোৱা ৬৭ বছৰৰ পাছত স্থানীয় ৰাইজে লাভ কৰিছে এই দলংখন৷ প্রায় ৬৭ বছৰৰ পিছত এখন পকী দলং লাভ কৰি অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সপোন বাস্তৱলৈ পৰিণত হোৱাৰ সময়তে স্থানীয় ৰাইজে সংশ্লিষ্ট পক্ষক আবেদন জনোৱা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিছে দলং নিৰ্মাণত হোৱা ব্যাপক বিসংগতি।
প্ৰায় ১ কোটি ৬৪ লাখ টকাৰো অধিক আবণ্টিত ধনেৰে দলংখনৰ নিৰ্মাণৰ কাম চলি আছে যদিও ঠিকাদাৰ চাৱাৰমল আগৰৱালা আৰু গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অজিত দাসৰ নেতৃত্বত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী৷ তথ্য জনাৰ অধিকাৰ আইনৰ যোগে নিৰ্ময়মান দলংখনৰ বহু তথ্য লাভ কৰি ৰাইজৰ অভিযোগ দলংখনৰ ১৬ টা খুঁটাৰ প্ৰতিটোতে ব্যৱহাৰ কৰিব লাগিছিল ২৫ এমএম ৰড কিন্তু ঠিকাদাৰে ব্যৱহাৰ কৰিছে ২০ এমএম৷ প্ৰতিটো খুটাত ২২ ডাল ৰডৰ পৰিৱৰ্তে আছে ১৬ ডালকৈ ৰড৷ খুটা সমূহৰ গভীৰতা ১৯ মিটাৰৰ পৰিৱৰ্তে আছে ৭/৮ মিটাৰ ৷
তেনেদৰে আৰএল সমূহ পানীৰ সমান্তৰালকৈ হ’ব লাগে যদিও বিভাগীয় নিৰ্দেশনাতকৈ বহু উচ্চতাত দিয়াৰ লগতে দলং নিৰ্মাণত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে৷ বিভিন্ন বিসংগতি তথা অনিয়মেৰে দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি থকাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ এই বিষয়ে বিভাগীয় কাৰ্যবাহী অভিযন্তা অজিত দাসক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো গা নলৰিল অভিযন্তা গৰাকীৰ। বৰঞ্চ কাৰ্যবাহী অভিযন্তা গৰাকীৰ দ্বাৰা দলং নিৰ্মাণ স্থলীত নিয়োজিত অন্য এজন কনিষ্ঠ অভিযন্তা জনৈক দত্তই এই বিষয়ে গা এৰা দি দায়সৰা মন্তব্যহে আগবঢ়াই ।
এইক্ষেত্ৰত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ, ৰাজ্য চৰকাৰ তথা চৰকাৰৰ জনপ্ৰতিনিধি সকলক অতি সোনকালে বাস্তৱ তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি দলংখনৰ নিৰ্মাণত হোৱা দুৰ্নীতিত হস্তক্ষেপ কৰাৰ দাবী জনোৱাৰ লগত দোষী ঠিকাদাৰ আৰু অভিযন্তাক শাস্তি প্ৰদান কৰি বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি দলংখন পুনৰ নিৰ্মাণৰ দাবী জনায়। উল্লেখ্য যে ঠিকাৰদাৰ চাৱাৰমল আগৰৱালা আৰু বোকাজানৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অজিত দাস, এই দুয়োগৰাকী ব্যক্তি কাৰ্বি পাহাৰৰ কেইবাজনো ৰাজনৈতিক নেতাৰ লগত ঘনিষ্ঠ হোৱা হেতুকে বিভিন্ন চৰকাৰী আঁচনিত কেলেংকাৰী সংঘটিত কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে ৷